ডিজিটেল ডেস্ক: ৰাজ্যৰ গৃহ বিভাগে কালি এক নির্দেশনাযোগে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াক পদোন্নতি দিছে। সেই অনুসৰি ডি আই জি কংকনজ্যোতি শইকীয়াক ইন্সপেক্টৰ জেনেৰেল, ডি আই জি ইন্দ্ৰাণী বৰুৱাক আই জি পদলৈ, এন আই এৰ এছ পি শ্রীজিত টিক ডি আই জি পদলৈ, কমাণ্ডেন্ট জয়শ্রী খেৰছাক ডি আই জি পদলৈ, কমাণ্ডেন্ট ডেভিদ নেইখামক ডি আই জি পদলৈ, এছ এছ পি মুগ্ধজ্যোতি মহন্তক ডি আই জি পদলৈ, এছ এছ পি ড° বেদান্ত মাধৱ ৰাজখোৱাক ডি আই জি পদলৈ পদোন্নতি দিয়া হৈছে।
আনহাতে, স্পেচিয়েল ডি জি পি মুন্না প্রসাদ গুপ্তা, স্পেচিয়েল এ ডি জি পি হীৰেন চন্দ্র নাথ, এ ডি জি পি সুৰেন্দ্ৰ কুমাৰ, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত, যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, সহকাৰী আই জি পি প্ৰণৱজ্যোতি গোস্বামীকে ধৰি ৪৯জন আৰক্ষী বিষয়াক তেওঁলোকৰ বিশেষ সেৱাৰ বাবে ডি জি পিৰ সোণৰ পদক আৰু ৪৫৩গৰাকী আৰক্ষীক ৰূপৰ পদক আগবঢ়োৱা হৈছে।