ডিজিটেল ডেস্ক : অসমৰ পৰম্পৰাগত লোক পৰিৱেশ্য কলা তথা নামনি অসমৰ অন্যতম লোক-সংস্কৃতি নাগাৰা নামেৰে কালি ৰজনজনালে নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰি। কালি সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পাঁচ হাজাৰ শিল্পীয়ে সমূহীয়াভাৱে 'নাগাৰা' বাদ্যযন্ত্ৰ আৰু তাল বজাই ৰজনজনাই তোলে হৰিমন্দিৰ বাকৰি। ভক্তিমূলক গীত, পদ আৰু কাহিনী পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। উল্লেখযোগ্য যে জিলাখনৰ নাগাৰা সূৰ্য প্রয়াত ৰামচৰণ ভৰালীৰ দল, কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আদিৰ লগতে প্রায় ৫০০টা নাগাৰা নাম দলৰ পাঁচ হাজাৰ শিল্পীয়ে এই নাগাৰা নাম পৰিৱেশন কৰে।
এই নাগাৰা নাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, 'আজি নলবাৰী হৰিমন্দিৰ আৰু জিলাখনৰ বাবে এটা গৌৰৱৰ দিন। প্রাচীন কামৰূপৰ অন্যতম লোক পৰিৱেশ্য কলা নাগাৰা নাম একেলগে পৰিৱেশন কৰিছে নলবাৰী জিলাৰ পাঁচ হাজাৰ শিল্পীয়ে। ইয়াৰ লক্ষ্য হ'ল অসম আৰু নলবাৰীৰ সংস্কৃতিক সুন্দৰভাৱে সুৰক্ষিত কৰি ৰখা। এই পৰম্পৰা ৰক্ষা কৰি ধৰি ৰাখিছে নলবাৰী জিলাৰ কলা-সংস্কৃতিৰ স'তে জড়িত শিল্পী আৰু সহযোগীসকলে। অসমৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিবলৈ আমি আজি সকলো সংঘবদ্ধ। মন্ত্ৰীগৰাকীয়ে নাগাৰা নাম সংঘক আর্থিকভাৱে পিছপৰা শিল্পীসকলক আৰু বেমাৰ আদিত সহায় কৰিবলৈ এটি সাহায্য নিধি গঠন কৰাৰ বাবে আহ্বান জনায়।
উল্লেখযোগ্য যে মাঘ মাহজোৰা নাগাৰা নামৰ লগত সংগতি ৰাখি নলবাৰী হৰি মন্দিৰ বাকৰিত কালি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৱাবেলিও ৭ হাজাৰ আয়তীয়ে একেলগে দিহানাম পৰিৱেশন কৰিছিল। কালি মন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ মাতৃ আৰু পত্নী জুলি ডেকা বৰুৱা, জিলা নাগাৰা নাম সংঘৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।