ডিজিটেল ডেস্ক : পুহমহীয়া শীতৰ সন্ধিয়াত কালি একাদশ দিনাও অসম গ্রন্থমেলা, গুৱাহাটীত গ্রন্থপ্ৰেমীৰ ব্যাপক সমাৱেশ ঘটে। সমান্তৰালভাৱে বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ। যোৱা ২৪ ডিচেম্বৰৰ পৰা কালি ৩ জানুৱাৰীলৈ প্রায় ৫ কোটি ৭০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে। কালি বিয়লি অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত আয়োজন কৰা হয় এখন বহু ভাষিক কবি সম্মিলন।
কবি, চলচ্চিত্র সমালোচক অপৰাজিতা পূজাৰীয়ে কবি সম্মিলনখন সঞ্চালনা কৰি কবিসকলৰ সৈতে অসম তথা ৰাষ্ট্ৰীয় প্রেক্ষাপটত সাম্প্রতিক কবিতা, গীত, ছবি সম্পর্কে গভীৰ আৰু ৰসপূৰ্ণ আলোচনা কৰে। বহু ভাষিক কবি সম্মিলনখনত বিশিষ্ট অতিথি হিচাপে হায়দৰাবাদৰ বিশিষ্ট কবি-লেখক ৰমেশ কার্তিক নায়কে অংশগ্ৰহণ কৰে। তেওঁ কয় যে কবিতাই হওক বা গল্প, সামগ্রিকভাবে সাহিত্য হৈছে সত্যৰ সন্ধান বা অনুসন্ধান। ব্যক্তিৰ জীৱন আৰু সমাজৰ কথা। ইয়াক অন্তঃদৃষ্টিৰে লক্ষ্য কৰিলে যি দেখা পোৱা তাতে সৃষ্টিৰ উৎস থাকে। আনহাতে, অসম গ্ৰন্থমেলাৰ সন্দৰ্ভত তেওঁ গ্রন্থক লৈ উদ্যাপিত এই উৎসৱ অভিনৱ বুলি মন্তব্য কৰে। আন এগৰাকী কবি-লেখক উত্তৰ প্ৰদেশৰ গৌৰৱ পাণ্ডেই এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি কিতাপৰ প্ৰতি আগ্ৰহ আৰু আদৰ দেখি আশ্বস্ত হোৱা বুলি মন্তব্য কৰে।
বহু ভাষিক কবি সম্মিলনখনত ৰাজেন্দ্ৰ নাথ বৰদলৈ, নীলিমা ঠাকুৰীয়া হক, ৰাজীৱ ফুকন, জয়জিৎ ডেকা, বিজয় ৰবিদাস, সুতপা চক্ৰৱৰ্তী, দিনকৰ কুমাৰ, চার্জেন্ট ৰাভা মেগ', দ্বিজেন দাস, অন টেৰণ, মৃদুল হালৈ, সঞ্জয় চন্দ্র দাস, দীপক বৰগয়াৰী, ৱেলছিং হাঞ্চে, ৰশ্মি চৌধুৰীয়ে অংশগ্রহণ কৰে। ইয়াৰ পাছত সন্ধিয়া জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহৰ মঞ্চত এলানি মনপৰশা সাংস্কৃতিক প্রতিযোগিতা অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী বিদ্যাসাগৰে সাংস্কৃতিক প্রতিযোগিতা উদ্বোধন কৰে। সাংস্কৃতিক অনুষ্ঠানত কাহিলিপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুল, বর্ষাপাৰাৰ ছাউথ পইন্ট স্কুল, আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে।