শান্তিপূর্ণ, স্বচ্ছ নির্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য, ৫ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা নির্বাচন বিষয়াক বদলিৰ নিৰ্দেশ

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক: দেশৰ নির্বাচন আয়োগে দেওবাৰে আন ৰাজ্যৰ লগতে অসমৰো নিৰ্বাচনৰ দিন ঘোষণা কৰিয়েই শান্তিপূর্ণ আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্য আগত ৰাখি লোৱা কঠোৰ পদক্ষেপৰ অংশ হিচাপে কালি ৰাজ্যৰ ৫ খন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু ৫ খন জিলাৰ জিলা নির্বাচনী বিষয়াক বদলি কৰিবলৈ নির্বাচন আয়োগে মুখ্য সচিবক নির্দেশ দিছে। 


নির্বাচন ঘোষণাৰ দিনটোৰ পৰা নিৰ্বাচিত চৰকাৰৰ পৰিৱৰ্তে প্ৰশাসনিক ব্যৱস্থাৰ কর্তৃত্ব নির্বাচন আয়োগৰ অধীনলৈ গৈছে। কালি বিয়লি তিনি বজাৰ ভিতৰত ৰাজ্যত কৰ্মৰত হৈ থকা আই এছ বিষয়াৰ তালিকা নির্বাচন আয়োগে সংগ্ৰহ কৰিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰিয়েই ৰাজ্যৰ ৫খন জিলা ক্রমে মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবি, দক্ষিণ শালমাৰাৰ মৃণাল ডেকা, শদিয়াৰ জগদীশ দাস, চিৰাঙৰ ধ্ৰুৱ বৰুৱা আৰু ধেমাজিৰ স্বপ্ননীল ডেকাৰ স্থানত আন আৰক্ষী বিষয়াক নিযুক্ত কৰিবলৈ নির্বাচন আয়োগে ৰাজ্যৰ মুখ্য সচিবক কালি নিৰ্দেশ দিছে। 

নিৰ্বাচনৰ আয়োগৰ সচিব ৰাজীৱ ৰঞ্জনে মুখ্য সচিবলৈ দিয়া নির্দেশত চোমালিন শুভদর্শিনীক মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিবলৈ নিৰ্দেশ দিছে। একেটা নিৰ্দেশত আৰ শীতল কুমাৰক দক্ষিণ শালমাৰা, আঞ্চাল চৌহানক শদিয়াৰ, সুধাকৰ সিঙক চিৰাঙৰ আৰু মোহন লাল মিনাক ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰি দায়িত্ব দিবলৈ মুখ্য সচিবক নির্বাচন আয়োগে নির্দেশ দিছে। 

নির্বাচন আয়োগে ৫খন জিলাত ক্রমে ড° পি উদয় পাৰবিনক কোকৰাঝাৰ, সৃষ্টি সিঙক মাজুলী, কিমনেই চাংচনক বাকসাৰ, মদুসূদন নাথক চিৰাঙৰ আৰু জয় বিকাশক ওদালগুৰিৰ জিলা নির্বাচন বিষয়াৰূপে দায়িত্ব দিবলৈ মুখ্য সচিবক নির্দেশ দিয়া হৈছে। ইফালে ৯ এপ্রিলত এটা পর্যায়তে নির্বাচন অসমত অনুষ্ঠিত হ'ব। 

ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেল আৰু নিৰ্বাচনৰ বাবে নিযুক্ত অসম পুলিচৰ ন'ডেল অফিচাৰ অখিলেখ কুমাৰ সিঙে কালি দিছপুৰত অনুষ্ঠিত এখন সংবাদ মেলত জানিবলৈ দিয়ে যে অসমত নিৰ্বাচনৰ বাবে ১৫০৫৪৬ গৰাকী নির্বাচনী বিষয়া নিয়োজিত হ'ব। ৩৫৯১ গৰাকী মাইক্ৰ অবজার্ভাৰ, ৩৪৪১গৰাকী ছেক্টৰ অফিচাৰ, ৭৭৯গৰাকী মাণ্ডলিক বিষয়া নিয়োজিত হ'ব। মুখ্য  নির্বাচন বিষয়া অনুৰাগ গোৱেলে কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, এইবাৰৰ নিৰ্বাচনত ৭৪৬০৫ গৰাকী নিৰাপত্তা বিষয়া নিয়োজিত হ'ব। 

প্রায় ২.৫০ কোটি ভোটাৰ থকা ৰাজ্যখনত ৩১৪৮৬ টা ভোট কেন্দ্রত ভোট গ্রহণৰ বাবে ৩৯৩৫৮ টা ই ভি এম আৱশ্যক হ'ব যদিও নির্বাচন বিভাগে ৪২২৯৭টা ই ভি এম মজুত কৰি ৰাখিছে। মুখ্য নির্বাচন বিষয়াই জানিবলৈ দিয়ে যে এইবাৰ ১০০ বছৰৰ ওপৰৰ ২৪৮২গৰাকী ভোটাৰে ভোটদান কৰিব।

Share This