নৱবৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰবক্তা শ্ৰীশ্ৰী হৰিদেৱ, বহৰি সত্ৰত মহাপুৰুষ হৰিদেৱৰ ছশ বছৰীয়া জয়ন্তীত বশিষ্ট বুজৰবৰুৱা

dainik janambhumi January 27, 2026

ডিজিটেল ডেস্ক : 'ভাগৱত এখন বৈজ্ঞানিক গ্রন্থ। আজিৰ বিজ্ঞানীসকলে যি কথা কৈছে, হাজাৰ হাজাৰ বছৰ আগতে সেই কথা ভাগৱতে কৈছে। আমাৰ প্ৰতিখন শাস্ত্র বিজ্ঞানসন্মত গ্রন্থ। আৰু এয়া আমাৰ সনাতনীৰ গৌৰৱ।'-এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট বুজৰবৰুৱাৰ। বৰপেটা জিলাৰ বহৰি সত্ৰৰ বনগঞাগিৰি ক্ষেত্ৰত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ছশ বছৰীয়া জয়ন্তীৰ মধ্যকালীন অধিৱেশনৰ  মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বুজৰবৰুৱাই কয় যে ভাৰতবৰ্ষ আমাৰ মাতৃভূমি। আমাৰ কাৰণে এই দেশ জগতজননী, পুণ্যদায়িনী, জ্ঞানদায়িনী, শক্তিদায়িনী। গোটেই বিশ্বৰ বৈজ্ঞানিক, আধ্যাত্মিক, সাংস্কৃতিক, আর্থিক আৰু ৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব দিয়াৰ কাৰণে ভাৰতবৰ্ষক ভগৱানে সৃষ্টি কৰিছিল। আমাৰ পূর্বপুৰুষ ঋষি-মুনিসকলে তপস্যা কৰি এটা শ্রেষ্ঠ দর্শন, শ্রেষ্ঠ চিন্তন সৃষ্টি কৰিলে আৰু সেইটোৱে হৈছে সনাতনী হিন্দু দর্শন। এই দর্শনে আজি সমগ্র বিশ্বক জীয়াই ৰাখিছে। তেওঁ কয় যে পাশ্চাত্য মতে, বিশ্বখন এখন বজাৰ। কিন্তু ভাৰতীয় দর্শনে ক'লে, বিশ্বখন এখন পৰিয়াল। সকলো মানুহ, প্রকৃতি, জীৱ-জন্তু মিলি আমি এটা পৰিয়াল। এই বিশ্বৰ অকল মানুহেই নহয়, সকলো জীৱ-জন্তু, প্রকৃতি সুখী হৈ থাকক, এয়াই হৈছে মানৱতাবাদী দর্শন, এয়াই হৈছে সনাতনী দর্শন। 

কিন্তু দুর্ভাগ্যজনক কথা, এনেকুৱা এখন ভাৰতৰ ওপৰত মোগলৰ আক্ৰমণ হ'ল। মন্দিৰৰ ওপৰত, হিন্দুৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে। তেওঁ কয় যে এটা সময়ত আমাৰ সমাজত পুৰুষৰ সমানে সমানে মহিলাক আগ স্থান দিয়া হৈছিল। সেই সময়ত মহিলাসকল শিক্ষিত আছিল। কিন্তু মোগলৰ আক্ৰমণৰ ভয়ত নাৰীসকলক শিক্ষানুষ্ঠানলৈ, গুৰুকুললৈ যাবলৈ নিদিয়া হ'ল। তেওঁ লগতে কয় যে মোগলৰ আক্ৰমণৰ আগত আমাৰ দেশত সতীদাহ প্রথা নাছিল। মোগলৰ আক্ৰমণৰ পাছত আমাৰ মাজত সতীদাহ প্রথা, বাল্যবিবাহ প্রথা আৰম্ভ হ'ল। এই সময়তে হিন্দু সমাজৰ মাজত আত্মবিশ্বাস জন্মোৱাৰ বাবে, কুপ্রথা বন্ধ কৰাৰ বাবে ভগৱানে পৰিকল্পিতভাৱে হৰিদেৱৰ দৰে মহাপুৰুষক এই ধৰালৈ পঠিয়াই দিছিল। মহাপুৰুষ হৰিদেৱেই মানেৰি সত্ৰত আই ভুবনেশ্বৰীক সত্ৰাধিকাৰ পাতি নাৰীক প্রথম মর্যাদা দিছিল। যাৰ বাবে অসমীয়া সমাজ, নাৰী সমাজ মহাপুৰুষ হৰিদেৱৰ ওচৰত সদায় ঋণী হৈ থাকিব লাগিব বুলিও বুজৰবৰুৱাই উল্লেখ কৰে। উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি পুলিন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্বোধক হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। সভাত অসম সত্ৰ মহাসভাৰ প্রধান সম্পাদক তথা মৰিগাঁৱৰ কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম মহন্তই ভাষণত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ তিনিজন গুৰুৱে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ দ্বিতীয়খন সত্ৰ মানেৰী সত্রত হৰিদেৱক সাক্ষাৎ কৰি গুৰুজনাক মান ধৰাৰ কথা প্রকাশ কৰি মহাপুৰুষ হৰিদেৱেও পাটবাউসীলৈ গৈ শংকৰদেৱৰ স'তে ভাগৱত চৰ্চা কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় চাৰিজন গুৰুৱে একেলগে মিলি-জুলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিছিল যদিও আজি চাৰিজন গুৰুৰ মাজত বিভেদ অনাৰ প্ৰয়াস কৰাৰ চেষ্টা চলাৰ প্ৰসংগ উল্লেখ কৰে। বহৰি সত্ৰৰ সভাপতি সোমনাথ তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ছশ বছৰীয়া জয়ন্তী উপলক্ষে অনুপম অনিৰুদ্ধৰ সম্পাদনাত প্ৰকাশ পোৱা 'বৈষ্ণৱ শিৰোমণি মহাপুৰুষ হৰিদেৱ' স্মৃতিগ্রন্থ উন্মোচন কৰে সদৌ অসম অধিবক্তা সন্থাৰ সাধাৰণ সম্পাদক তথা সমাজকর্মী দীপক কুমাৰ দাসে। 

আনহাতে, নগেন্দ্র নাথ গোস্বামীৰ 'ধৰ্মমূৰ্তি শ্রীশ্রী হৰিদেৱ' শীর্ষক গ্রন্থখন উন্মোচন কৰে সংস্কৃত বিভাগৰ অধ্যাপক জ্ঞানেন্দ্ৰ নাৰায়ণ দেব গোস্বামীয়ে। মুকলি আৰু গ্ৰন্থ উন্মোচনী সভাত বজালী বেজকুছি সত্ৰৰ সত্ৰাধিকাৰ শশীমোহন গোস্বামী, মানেৰী সত্ৰৰ ডেকা সত্ৰীয়া ৰাম নাৰায়ণ গোস্বামী, নতুন বনিয়াকুছি সত্র আৰু দক্ষিণ কামৰূপৰ আমতলা ন-সত্ৰৰ সত্ৰাধিকাৰ অনিল গোস্বামী, বজালী হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ উদয় চন্দ্ৰ গোস্বামী, বালি সত্র সৎসংগী সত্ৰৰ সত্ৰাধিকাৰ মদন চন্দ্ৰ গোস্বামী, বনিয়াকুছি সত্ৰৰ ডেকা সত্ৰাধিকাৰ পৰমেশ্বৰ গোস্বামী, বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামী, লচিমা সত্ৰৰ সত্ৰাধিকাৰ ৰঞ্জন কুমাৰ গোস্বামী, ৰামপুৰ সত্ৰৰ সত্ৰাধিকাৰ মুকুল দেৱ গোস্বামী, বিজনী ওদলাগুৰি সত্ৰৰ সত্ৰাধিকাৰ ভূপতি কুমাৰ গোস্বামী উপস্থিত থাকি ভাষণ আগবঢ়ায়। সভাত মুম্বাইস্থিত প্রসিদ্ধ স্থপতিবিদ অৱনী দাস আৰু নুমলীগড় শোধনাগাৰৰ প্ৰাক্তন পৰিচালন সঞ্চালক ড° ভূ পতি কুমাৰ দাস, গৰ্গ নাৰায়ণ দাস আদি উপস্থিত থাকে।

Share This