ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ বন বিভাগৰ সহযোগত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনে কালি শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্রাণী অভয়াৰণ্যৰ ক্ষতিপূৰণমূলক বনানীকৰণত বেদখল কৰা অঞ্চলসমূহত ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। দুদিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযান সন্দৰ্ভত ৰাজহ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাৰ পৰা জানিব পৰা মতে তেজপুৰ, থেলামাৰা আৰু ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত প্রায় ৬২০০ বিঘা মাটিৰ এলেকা ইতিমধ্যে অবৈধভাৱে বেদখল কৰিছে সন্দেহযুক্ত বেদখলকাৰীয়ে। যিসমূহ ভূমি ইতিমধ্যে বঢ়া চাপৰি সংৰক্ষিত বন্যপ্রাণী অভয়াৰণ্যৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টন দিয়া হৈছিল।
এই বৃহৎ অংশৰ ভূমি পূর্বে অবৈধ বেদখলকাৰীৰ দখলত থকা বুলি ধৰা পৰিছিল বাসগৃহ নির্মাণ আৰু কৃষিকার্যৰ বাবে। ইয়াৰ পূৰ্বে ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু বন বিভাগৰ বিষয়াসকলে কৰা যৌথ পৰীক্ষণৰ ভিত্তিত সেই বেদখলকাৰীসকলক উক্ত চৰকাৰী ভূমি খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু প্রায় এমাহৰ জাননীৰ সময়সীমাৰ পাছত ইয়াৰে কিছুমানৰ বাহিৰে অধিকাংশ বেদখলকাৰীয়ে দুদিনমান আগলৈকে ক্ষতিপূৰণমূলক বনানীকৰণৰ মাটি খালী কৰা নাছিল। সেয়েহে প্রট'কল, আইন আদি অনুসৰি আজি বেদখল কৰা অঞ্চলটো অবৈধ বসবাসকাৰীৰ পৰা মুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলোৱা হৈছে। অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই লগতে কয় যে প্রায় ৭১০টা পৰিয়াল বেদখলকাৰী হিচাপে চিনাক্ত কৰা হৈছে। কাল পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে। এই ড্রাইভৰ পূৰ্বে বেদখলকাৰীসকলক পর্যাপ্ত পৰিমাণৰ সজাগতামূলক ঘোষণাৰ উপৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত অঞ্চলটো খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। এই সন্দৰ্ভত যোৱা ১৭ ডিচেম্বৰত নগাঁও বন্যপ্রাণী অভয়াৰণ্য, শোণিতপুৰ ৰাজহ বিভাগৰ সহযোগত শোণিতপুৰৰ চৰকাৰী বিষয়াৰ এটা দলে বেদখল কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কমল বৰুৱাই লগতে কয় যে এই উচ্ছেদ অভিযানত ৬০খন টেক্টৰ, ৩৬খন এস্কেভেটৰ ব্যৱহাৰ কৰাৰ লগতে প্রায় ১০০ গৰাকী শ্রমিক, প্রায় ৫০০ আৰক্ষী বাহিনী জড়িত হৈ পৰিছে।
শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়া মাধুর্য বুঢ়াগোহাঁইৰ লগতে দণ্ডাধীশৰ দল এই অভিযানত ব্যস্ত হৈ পৰিছে। উচ্ছেদ এতিয়াও চলি আছে, আৰু শান্তিপূর্ণভাৱে চলি আছে বুলি মন্তব্য কৰে যদিও প্ৰথম অৱস্থাত উচ্ছেদৰ আওতাত পৰা গণেশ টাপু আৰু লাঠিমাৰী চৰত একাংশ সন্দেহযুক্ত বেদখলকাৰীয়ে হাতে হাতে লাঠী-টাঙোন লৈ উচ্ছেদত জড়িতসকলক আক্রমণ কৰিবলৈ উদ্যত হৈছিল যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ কৰে। উল্লেখযোগ্য যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই অসম চৰকাৰে বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ চৰ-চাপৰি অঞ্চলৰ প্ৰায় ১৯০০ হেক্টৰ মাটিৰ পৰা অবৈধ বেদখল দূৰ কৰিবলৈ ডব্লিউ এল এছত ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে। শোণিতপুৰ জিলাৰ অধীনলৈ অহা ৪৪.০৬ বর্গ কিল'মিটাৰ মাটিকালি ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যখন। তদুপৰি বুঢ়াচাপৰি সংৰক্ষিত বন্যপ্রাণী অভয়াৰণ্যখন অসমৰ কেন্দ্ৰীয় অৱস্থিত সংৰক্ষিত অঞ্চল যিটো পূবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্য, উত্তৰ দিশত পাক্কে-নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে কাৰ্বি আংলঙৰ চহকী সংৰক্ষিত বনাঞ্চল আদি বহু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যানেৰে আগুৰি আছে যিবোৰে কাজিৰঙাৰ মাজত জীৱ-জন্তুৰ প্ৰব্ৰজনৰ বাবে সংযোগী কৰিডৰ হিচাপে কাম কৰে আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানসমূহক কাজিৰঙা বাঘ সংৰক্ষিত বনাঞ্চলৰ বাফাৰ জ'ন হিচাপে চিনাক্ত কৰা হৈছে।
বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ উত্তৰ সীমাৰে বৈ যোৱা ব্ৰহ্মপুত্রই বৃহৎ সংখ্যক নদীদ্বীপৰ সৃষ্টি কৰে। ব্ৰহ্মপুত্র নদীদ্বীপৰ লগতে ঘাঁহনি, বনাঞ্চল আৰু অসংখ্য জলাশয়ৰ বৈশিষ্ট্যপূর্ণ বুঢ়াচাপৰি চহকী পৰিৱেশ তন্ত্ৰৰ বাবে অসংখ্য প্রজাতিৰ বিপন্ন স্তন্যপায়ী, সৰীসৃপ আৰু চৰাইৰ বিচৰণভূমি হিচাপে পৰিগণিত। উল্লেখযোগ্য যে আজিৰ পৰা আৰম্ভ কৰা এই উচ্ছেদ অভিযানৰ সময়ত সন্দেহজনক বেদখলকাৰীৰ বিচৰণ ভূমি হিচাপে পৰিগণিত ৯টাকৈ টাপু ক্রমে জামুকলি টাপু, আৰিমাৰী টাপু, শিয়ালীচৰ, বাঘেটাপু, গল্টিডুবি টাপু, লাঠিমাৰী টাপু, কুন্দুলি চৰ, বাটলি চৰ, পূব দুৱামন চৰৰ বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে। কালি সন্ধিয়ালৈকে অব্যাহত থকা এই উচ্ছেদ অভিযান কাইলৈও চলিব বুলি ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই জানিবলৈ দিয়ে।