ডিজিটেল ডেস্ক : অসম তথা উত্তৰ-পূব ভাৰতৰ সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে উছৰ্গিত বেচৰকাৰী সংস্থা 'আধাৰশিলাট্রাষ্ট'ৰ উদ্যোগত ঐতিহাসিক শিৱসাগৰত আয়োজন কৰা হৈছে 'ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ-২০২৬'। অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগীয়া এই উৎসৱ ৫ ফেব্ৰুৱাৰীত আনুষ্ঠানিক উদ্বোধন কৰা হ'ব। 'লয়, শব্দ আৰু শিল্পৰ সংগম - মানৱতাৰ কণ্ঠৰ উদ্যাপন'-এয়াই মূল বিষয়বস্তু আৰু লক্ষ্য বুলি বিশিষ্ট সাহিত্যিক তথা আধাৰশিলাৰ মুখ্য ন্যাসৰক্ষী আৰু উৎসৱৰ সঞ্চালিকা ড° ৰীতা চৌধুৰীয়ে কালি এক সংবাদমেলযোগে জানিবলৈ দিয়ে। এই উৎসৱে দেশ, ভাষা আৰু সংস্কৃতিৰ মাজত একতাৰ সেতু গঢ়ি তোলাৰ লগতে এই অঞ্চলটোৰ কলাত্মক সত্তাক বিশেষভাৱে প্রতিফলিত কৰিব বুলি সাহিত্যিকগৰাকীয়ে আশা প্রকাশ কৰে।
আনহাতে, গৌৰীপুৰত কলা-সংস্কৃতিৰ সাধক ৰাজা প্রভাত চন্দ্ৰ বৰুৱা, প্রমথেশ বৰুৱা আৰু ৰাজবাৰীৰ প্ৰখ্যাত মহিলাসকলৰ স্মৃতি তর্পণেৰে এই যাত্ৰাৰ আৰম্ভণি হ'ব। এইবাৰ উৎসৱত হাংগেৰী, ম্যানমাৰ, শ্লোভাকিয়া, মালয়েছিয়া, ত্রিনিদাদ আৰু কেনিয়াৰ বহুকেইগৰাকী বিশিষ্ট বক্তা আৰু শিল্পীয়ে অংশগ্রহণ কৰিব। ইফালে কেনিয়াৰ মাছাইমাৰাৰ লাপিট অলে না জাপিত আৰু মৰাণ জনগোষ্ঠীৰ মাৰ্টিনা মৰাণে যৌথভাৱে উৎসৱৰ তোৰণ উন্মোচন কৰিব। বড়ো আৰু মিচিং জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা, কলা আৰু খিলঞ্জীয়া লোক-কথাক বিশেষভাবে প্রদর্শন, ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ আৰু অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া যাত্রাক লৈ বিশেষ আলোচনা সত্ৰ, পাৰমাণৱিক বোমা বিস্ফোৰণৰ ৭০ বছৰ আৰু 'শিল্পীৰ পৃথিৱী'ৰ ৭৮ বছৰীয়া যাত্রাকো এই মঞ্চত স্মৰণ কৰা হ'ব। আইৰিছ মেকফার্লেনৰ গ্ৰন্থ 'Children of Bird God Hill' উন্মোচন কৰাৰ লগতে এই গ্ৰন্থৰ পৰা প্ৰাপ্ত ৰয়েল্টি চাহ জনজাতিৰ শিশুসকলৰ শিক্ষাৰ বাবে উছৰ্গা কৰা হ'ব। লগতে সংবাদমেলত জনায় যে মণিপুৰী ৰাজকুমাৰী বিনোদিনী দেৱীৰ জন্মজয়ন্তী তেওঁৰ সাহিত্যিক উত্তৰাধিকাৰক সন্মান জনাই পুত্র এল সোমী ৰায়ৰ উপস্থিতিত পালন কৰা হ'ব। ড° ৰীতা চৌধুৰীয়ে উক্ত উৎসৱ সম্পৰ্কত পুনৰ কয় যে ব্রহ্মপুত্র কেৱল এখন নদী নহয়, ই মানৱতাৰ এক বিশাল আৰু অন্তর্ভুক্তিমূলক ৰূপক। আমাৰ পাহাৰ আৰু নদীৰ লয়ৰ মাজেৰে এই উৎসৱ মানৱতাৰ এক মিলনভূমিত পৰিণত হ'ব।
শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠিত হ'ব লগীয়া এই উৎসৱৰ বাবে ইতিমধ্যে প্রস্তুতি তুংগত উঠিছে। গ্রন্থ উন্মোচন, পেনেল আলোচনা, লোক-সংস্কৃতিৰ অনুষ্ঠান আৰু ৰবুল মাউতৰ সৈতে অনলাইন বাৰ্তালাপকে ধৰি বিচিত্ৰ কাৰ্যসূচীৰে এই উৎসৱ সকলোৰে বাবে মুকলি থাকিব। অধিক তথ্যৰ বাবে আগ্রহী ব্যক্তিসকলেbrahmaputraliteraturefestival.com বে'বছাইটত চকু ফুৰাব পাৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।