ডিজিটেল ডেস্ক : ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্রিকান ছোৱাইন ফিভাৰে (এ এছ এফ)। বিগত কিছুদিনৰ পৰা ৰাজ্যৰ ইখনৰ পাছত সিখন জিলালৈ বিয়পিছে গাহৰিৰ দেহত হোৱা আফ্রিকান ছোৱাইন ফিভাৰ। বিশেষকৈ ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপ জিলাত ৰোগবিধৰ সংক্রমণে ব্যাপক ৰূপ ধাৰণ কৰিছে। ৰোগবিধৰ সংক্ৰমণৰ হাৰ দ্রুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পশুধন আইন, ২০০৯-ৰ অধীনত ই চি এফ ২৪০৯৯০ নং এক অধিসূচনাযোগে সমগ্ৰ ৰাজ্যতে এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে।
ইয়াৰ উপৰি সাতখন জিলা ক্রমে ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপত গাহৰি সৰবৰাহৰ লগতে গাহৰিৰ মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তদুপৰি অন্যান্য জিলাসমূহত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা, নিগম-নিকায়ে ধাৰ্য কৰি দিয়া নির্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰৰ ক্ষেত্ৰত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰিৰ মাংসহে নীতিগতভাৱে বেচা-কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে। চৰকাৰে পৰৱৰ্তী নির্দেশনা জাৰি নকৰা পৰ্যন্ত এই নীতি-নির্দেশনা বাহাল থাকিব বুলি অধিসূচনাযোগে সদৰী কৰা হৈছে।
উল্লেখযোগ্য যে আফ্রিকান ছোৱেইন ফিভাৰ গাহৰিৰ এক অতি সংক্রামক ভাইৰাছজনিত ৰোগ আৰু এই ৰোগত মৃত্যুৰ হাৰ এশ শতাংশ পর্যন্ত হ'ব পাৰে। বৰ্তমানলৈ ৰোগবিধৰ প্ৰতিষেধক ছিটা ওলোৱা নাই আৰু ফলপ্রসূ চিকিৎসা নোহোৱা হেতুকে ইয়াৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে আক্রান্ত জিলাসমূহৰ অভিকেন্দ্ৰবোৰ চিনাক্ত কৰি তাৰ চৌপাশৰ এলেকাত অৱৰুদ্ধকৰণ, অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি যাৱতীয় ব্যৱস্থাপনা কৰি আছে। ৰাজ্যৰ পশুপালন আৰু চিকিৎসা বিভাগে পশু জৈৱ সুৰক্ষা নীতিসমূহ কঠোৰভাৱে মানি চলাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ হকে কাম অব্যাহত ৰখাৰ লগতে সকলোকে জৈৱ সুৰক্ষা নীতিসমূহ মানি চলিবলৈ আহ্বান জনাইছে।