ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় বাজেটত ৭০ কোটি টকা দিয়াৰ প্ৰস্তাৱ        

Nikimoni Kachari February 07, 2026

ডিজিটেল ডেস্ক: অসমৰ অন্যতম পাহাৰীয়া জিলাৰ উন্নয়নৰ বাবে ২০২৬-২৭ চনৰ কেন্দ্ৰীয় বাজেটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদক ৭০ কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে বুলি জানিবলৈ দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই। আজি হাফলং অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি দেৱলাল গাৰ্লচাই কয় , 'এইবাৰ কেন্দ্ৰীয় বাজেটত ডিমা হাছাও জিলাৰ বাবে ৭০ কোটি টকা দিয়া হৈছে।'

সংবাদমেলত দেৱলাল গাৰ্লচাই কয়, 'পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া পুঁজিৰ জৰিয়তে ডিমা হাছাও জিলাৰ প্ৰত্যন্ত চেমখৰ গাঁৱৰ বিদ্যুতৰ সমস্যাৰ সমাধান হৈছে। জলমিত্ৰসকলৰ দৰমহাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি আবণ্টন দিছে। ২০২৬-২৭ বিত্তীয় বছৰত ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় বাজেটত ৭০ কোটি টকা আবণ্টন দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে দেৱলাল গাৰ্লচাই। 

আজি সংবাদমেলত আকৌ এবাৰ বিৰোধী কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি দেৱলাল গাৰ্লচাই কয়,' কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধনৰ ব্যাপক খেলিমেলি হৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদক মুকলি কৰি দিয়া পুঁজিৰ সফল ৰূপায়ন হৈ আছে যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ডিমা হাছাও জিলাত ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণৰ বাবে ৬৫ কোটি টকা আবণ্টন দিছে ইয়াৰ উপৰি মানদাৰডিচাত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ৭৫ কোটি টকা ব্যয়ত নিৰ্মাণ কৰা হৈছে বেম্বু উদ্যোগ পার্ক। তেওঁ লগতে কয় যে এনেদৰে আগন্তুক পাঁচ-দহ বছৰ কাম কৰি গ'লে ডিমা হাছাও জিলাৰ সকলো সমস্যাৰ সমাধান হ’ব বুলি মন্তব্য কৰি দেৱলাল গাৰ্লচাই কয়, 'প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী স্বপ্নৰ শিলচৰ -সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম কংগ্ৰেছৰ দিনত কাম বন্ধ হৈ পৰিছিল এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অহা ধনৰ ব্যাপক হাৰত অনিয়ম হৈছিল কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ কামৰ বাবে নতুন নিৰ্মাণ সংস্থাক পথ নিৰ্মাণৰ কাম দিয়াৰ পাছতে এতিয়া কাম সম্পূৰ্ণ হোৱাৰ পথত।' 

মাৰ্চত এই চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়া হ’ব বুলি মন্তব্য কৰি কংগ্ৰেছৰ নিৰ্মল লাংথাচাই সামাজিক মাধ্যমত বিজেপি চৰকাৰ থাকিলে ডিমা হাছাও জিলাৰ সাধাৰণ ৰাইজে হাতত থালি লৈ পথত বহিব লাগিব বুলি কৰা‌ মন্তব্যৰ সন্দৰ্ভত দেৱলাল গাৰ্লচাই নিৰ্মল লাংথাচাৰ এনে মন্ত্যবৰ তীব্ৰ সমালোচনা কৰি কয় ,'নিৰ্মল লাংথাচাই পাহৰি গৈছে কংগ্ৰেছ চৰকাৰৰ দিনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰি দিয়াৰ বাবে থালি হাতত লৈ বহিব লগা হৈছিল, এই দিনৰ কথা এতিয়াও পাহৰি যোৱা নাই।' 

কিন্তু যোৱা ৯ বছৰে বিজেপিয়ে ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে যি কাম কৰিছে সেয়া পাহাৰীয়া জিলাৰ ৰাইজে দেখি আছে বুলি মন্তব্য কৰি দেৱলাল গাৰ্লচাই কয় যে কংগ্ৰেছ দলে অভিযোগ কৰিছিল, ডিমা হাছাও জিলাত বিজেপি দলে উপ-জাতি জনগোষ্ঠীৰ মানুহৰ ভূমি লোৱাৰ যি অভিযোগ সেয়া সম্পূৰ্ণ ভিত্তিহীন বুলি জানিবলৈ দি তেওঁ কয় যে বিজেপিয়ে কেতিয়াও উপ-জাতি জনগোষ্ঠীৰ মানুহৰ ভূমি কাঢ়ি লোৱা নাই বৰঞ্চ কংগ্ৰেছৰ দিনত হাজাৰ হাজাৰ বিঘা ভূমি নিপোক ডালমিয়া চিমেণ্ট, জে পি চিমেণ্টক ভূমি আবণ্টন দিছিল যি ভূমি আমি পুনৰ ঘূৰাই লৈছোঁ, বিজেপিয়ে কেতিয়াও উপ-জাতি জনগোষ্ঠীৰ মানুহৰ ভূমি কাঢ়ি লোৱা নাই বা বিক্ৰী কৰা নাই। 

আমি উদ্যোগ কোম্পানীবিলাকক মাতি আনিছোঁ জিলাৰ উন্নয়নৰ বাবে। এটা সময়ত এই পাহাৰীয়া জিলাখনৰ সম্পদ বিক্ৰী কৰি দিছিল কংগ্ৰেছ দলে এনে অভিযোগ কৰি দেৱলাল গাৰ্লচাই কয় যে ২০১৮ চনত নগালেণ্ডক ডিমা হাছাও জিলাৰ ভূমি গতাই দিয়াৰ অভিযোগ, পাহাৰীয়া জিলাত পঞ্চায়তৰাজ প্ৰৱৰ্তন কৰিব বিচাৰিছে বিজেপি দলে বুলি অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে। ইমানেই নহয় কয়লা ইছ্যুত মোৰ নাম আৰু মোৰ পত্নীৰ নামত বহু গোচৰ ৰুজু কৰিছে কংগ্ৰেছ দলে বুলি জানিবলৈ দি তেওঁ কয় যে কিছু দিনৰ মাজতে মধ্য ইংৰাজী বিদ্যালয় হাইস্কুলত ১০০ পদত শিক্ষক নিযুক্তি দিয়াৰ উপৰি নিম্ন প্ৰাথমিক বিদ্যালয়ত ২০০ শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি জানিবলৈ দি কয়,'কংগ্ৰেছ চৰকাৰৰ সময়ত বন বিভাগৰ ৰাজহ সংগ্ৰহ হৈছিল মাত্ৰ ৩ কোটি টকা কিন্তু বিজেপি চৰকাৰৰ দিনত এই ৰাজহ সংগ্ৰহৰ পৰিমাণ হৈছে ৭০ কোটি টকা বুলি জনাইছে দেৱলাল গাৰ্লচাই।'

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This