ডিজিটেল ডেস্ক : কাজিৰঙাত নথিভুক্ত হ'ল অৰ্কিডৰ ৭০ টা প্রজাতি। কাজিৰঙাৰ চহকী ফুল আৰু প্রাণীজগতৰ সমষ্টিৰ পদ্ধতিগত নথি-পত্ৰৰ বাবে শেহতীয়া প্রচেষ্টাত অৰ্কিডৰ বিষয়ত কৰা এক দ্রুত সমীক্ষাত এই আকর্ষণীয় ফলাফল প্রকাশ পাইছে বুলি জানিবলৈ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই। উদ্যান কর্তৃপক্ষই প্রকাশ কৰা মতে, প্রখ্যাত অৰ্কিড সংৰক্ষণবিদ ক্ষণজিৎ গগৈ, উদ্যানৰ বাগৰি বনাঞ্চলৰ বন বিষয়া বিবিত দিহিংগীয়া আৰু কঁহৰা বনাঞ্চলৰ বন বিষয়া ড° বিভূতি ৰঞ্জন গগৈৰ নেতৃত্বত চলা এক দৃশ্যমান সমীক্ষাত বিশেষকৈ ঘাঁহনি আৰু বনাঞ্চলৰ ক্ষেত্ৰখনত নতুন অভিলেখৰ তথ্য পোৱা গৈছে।
সেই অনুসৰি, কাজিৰঙাত ৩৬টা বংশৰ ৭০টা অর্কিডৰ প্ৰজাতি লিপিবদ্ধ কৰা হৈছে। ইয়াৰে ৪৬টা প্রজাতি এপিফাইট আৰু ২৪ টা টেৰেছট্রিয়েল প্রজাতিৰ। প্ৰেছ নোটত উল্লেখ কৰা অনুসৰি, একান্থ 'ফিপিয়াম চিলেটেন্স, এৰিড'ছ অড'ৰেটা, বিয়েৰমেনিয়া বাইমেকুলেটা, বালব 'ফিলাম অর্নাটিচিমাম, ক্লিইছ'ষ্ট'মা এপেণ্ডিকুলাটাম, ডেন্ড্র'বিয়াম জেংকিনছ, ইউলফিয়া কামৰূপা, পেৰিষ্টাইলাছ কনস্ট্রিক্সাছ, ফেলেন'পচিছ মাননি, জিউণ্ডিন মেমব্রেনেচিয়া আদি অর্কিডৰ তথ্য লিপিবদ্ধ কৰা হৈছে। লগতে উল্লেখ কৰা অনুসৰি, ইউলফিয়া ডাবিয়া, জিউত্তিন লিগুলেয়ানা, নার্ভিলিয়া জুলিয়ানা আদি টেৰেছট্ৰিয়েল অৰ্কিড নদীৰ পাৰৰ ঘাঁহনিত ফুলি উঠে, আনহাতে একান্থেফিপিয়াম ষ্ট্ৰিয়াটাম আৰু হেটেৰিয়া এফিনিছৰ দৰে আন কিছুমান ঘন অৰণ্যৰ তলত ফুলি উঠে।
উল্লেখযোগ্য যে কাজিৰঙাত এই সমীক্ষাত পোৱা বিয়েৰমেনিয়া বাইমেকুলেটা, ইউলফিয়া কামৰূপা, জিউত্তিন লিগুলেয়ানা আদি প্রজাতি ভাৰতৰ স্থানীয়, আনহাতে বালব 'ফিলাম অর্নাটিচিমাম আৰু এৰিথ্র'ডেছ ব্লুমেই অসমত বিৰল বুলি ধৰা হয়। উল্লেখ কৰা অনুসৰি, অৰ্কিড জৰীপৰ পূৰ্বে সংৰক্ষণ সম্পৰ্কীয় এক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল, যাৰ দ্বাৰা স্থানীয় ছাত্র-ছাত্রীসকলক ভূ-প্ৰকৃতিৰ অৰ্কিড আৰু পখিলাৰ বৈচিত্র্যৰ বিষয়ে পৰিচিত কৰাত গুৰুত্ব আৰোপ কৰা হয়। চলিত বৰ্ষৰ ১৮ আৰু ১৯ এপ্ৰিলত কাজিৰঙাৰ পাণবাৰীত অনুষ্ঠিত এই 'অর্কিড এণ্ড বাটাৰফ্লাই ৱাক' শীর্ষক অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ৫০ জনৰো অধিক উৎসাহী ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিছিল। এই অনুষ্ঠানতে পাণবাৰীৰ চৰাই, কাজিৰঙাৰ পখিলা আৰু কাজিৰঙাৰ অৰ্কিড আদিৰ বিষয়ত আলোকপাত কৰা তিনিখন ব্ৰ'চাৰ মুকলি কৰা হয়। এই তথ্যসমৃদ্ধ ব্ৰ'চাৰসমূহৰ লক্ষ্য হৈছে এই অঞ্চলত পোৱা চহকী জৈৱ বৈচিত্র্যৰ প্ৰতি সজাগতা আৰু প্ৰশংসা বৃদ্ধি কৰা।