৭৫খন যুদ্ধ বিমানে আকাশত ৰচিলে দৃষ্টিনন্দন দৃশ্য, সৃষ্টি কৰিলে কাজিৰঙা, মানাহ, গঁড়, হাতী, ত্রিশূলৰ প্ৰতীক

dainik janambhumi November 10, 2025

ডিজিটেল ডেস্ক : ৰাফেলৰ গৰ্জন, তেজছৰ বেগ, সূর্যকিৰণৰ উৰণেৰে কালি গুৱাহাটীত বায়ুসেনা বাহিনীয়ে প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত প্ৰদৰ্শন কৰে বিশেষ এয়াৰ শ্ব'। আনহাতে, এই এয়াৰ শ্ব'ৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো বিশেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে বায়ুসেনাই। বায়ুসেনাই জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' শীর্ষক গীতটিৰ সুৰত গুৱাহাটীৰ লাচিত ঘাটৰ আকাশ মাৰ্গত এই এয়াৰ শ্ব' প্রদর্শনেৰে জনতাক মন্ত্রমুগ্ধ কৰে। আনহাতে, এই অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত কালি তেওঁৰ অসম ভ্রমণ বাতিল কৰে। 

উল্লেখযোগ্য যে ভাৰতীয় বায়ুসেনাৰ ৯৩সংখ্যক প্রতিষ্ঠা দিবস উপলক্ষে কালি গুৱাহাটীত বায়ুসেনাৰ এক বিশেষ এয়াৰ শ্ব' অনুষ্ঠিত হয়। ব্রহ্মপুত্রৰ লাচিত ঘাটত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ লগতে অর্ধশতাধিক বায়ুসেনাৰ বিষয়া আৰু হাজাৰ হাজাৰ লোকে অংশগ্রহণ কৰে। দুপৰীয়া অনুষ্ঠিত হোৱা এই এয়াৰ শ্ব'ত বহুকেইখন যুদ্ধ বিমানেৰে বায়ুসেনাৰ দক্ষ পাইলটে প্রদর্শন কৰা কলা-কৌশলে উপস্থিত দর্শকসকলক মন্ত্রমুগ্ধ কৰে। ৰাফেলৰ গর্জন, তেজছৰ গতিবেগ, সূর্যকিৰণৰ উৰণে বায়ুসেনাই ভাৰতৰ নতুন আকাশী শক্তিক প্রদর্শন কৰে। প্রণিধানযোগ্য যে প্রথমবাৰৰ বাবে উত্তৰ-পূবত অনুষ্ঠিত বায়ুসেনাৰ এয়াৰ শ্ব'ত ২৫টাতকৈও অধিক প্ৰকাৰৰ ফর্মেশ্যনত ৭৫খনতকৈও অধিক যুঁজাৰু বিমান আৰু হেলিকপ্টাৰে কলা-কৌশল প্রদর্শন কৰে। এই বিমানসমূহ গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুবা, হাছিমাৰা, বাগদোয়া আৰু পানাগড় বিমান ঘাটিৰ পৰা অনা হৈছিল। বায়ুসেনাৰ প্রতিটো ফর্মেশ্যনতে উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য আৰু ভুগোলক শ্রদ্ধাঞ্জলি জনায়। বায়ুসেনাই অসমৰ আকাশত প্রদর্শন কৰে কাজিৰঙা, মানাহ, ব্রহ্মপুত্র, কাঞ্চনজংঘা, গঁড়, হাতী, ত্রিশূল ইত্যাদি বহুতো প্রতীক। বীৰ লাচিত বৰফুকনৰ প্রতি শ্রদ্ধা জনাই এই অনুষ্ঠানৰ আৰম্ভণি কৰে লাইট কম্বেট এয়াৰক্রাফ্ট তেজছে। এই লাইন আপত আছিল ৰাফেল, ছুখই-৩০ এম কে আই, মিগ-২৯, মিৰাজ, জাগুৱাৰ, আপাচি, আই এল-৭৮ ৰিফিউলাৰ, চি-১৭ গ্ল'বমাষ্টাৰ, চি-১৩০ হাৰকিউলিছ, এডভাঞ্চড লাইট হেলিকপ্টাৰ (এ এল এইচ এম কে-১) আৰু এণ্টনভ এ এন-৩২। এয়াৰ শ্ব'ত সূর্যকিৰণ এৰোবেটিক দলে এক আকর্ষণীয় প্রদর্শন কৰে। লক্ষণীয় যে এইবছৰ বায়ুসেনা দিৱসৰ বিষয়বস্তু হৈছে 'অভেদ্য, দুর্জেয়, অভূতপূর্ব। 

এই বিশেষ অনুষ্ঠানটোত বায়ুসেনাৰ আধুনিক বিমান আৰু হেলিকপ্টাৰে ২৫টা ভিন্ন গঠনত উৰণ কৰিছিল। উল্লেখযোগ্য যে কৌশলগতভাৱে আজিৰ অনুষ্ঠানটো বিশেষ হিচাপে বিবেচিত হৈছে গুৱাহাটী-চীন সীমান্ত আৰু চিকেন নেক কৰিডৰৰ ওচৰত। দুয়োটাই ভাৰতৰ বাবে অতি গুৰুত্বপূর্ণ স্থান। গুৱাহাটীৰ পৰা ভাৰতে চীন, পাকিস্তান, বাংলাদেশক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিছিল। এই অঞ্চলৰ ওপৰেৰে ৰাফেল আৰু তেজছৰ দৰে যুদ্ধ বিমানৰ উৰণে উত্তৰ-পূবত ভাৰতৰ বায়ু শক্তিৰ উপস্থিতিৰ এক শক্তিশালী বার্তা প্রেৰণ কৰে। আনহাতে, বিশেষ কাৰণত অন্তিম সময়ত অসম ভ্রমণ বাতিল কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে। কেন্দ্রীয় মন্ত্রীজনে কালি গুৱাহাটীৰ এয়াৰ শ্ব' দর্শন কৰাৰ কথা আছিল। এই সন্দর্ভত আনুষ্ঠানিক কোনো বিবৃতি প্রকাশ কৰা নাই যদিও বিশেষ কাৰণত কেন্দ্রীয় মন্ত্রীজনে অসম ভ্রমণ বাতিল কৰাটো নিশ্চিত কৰে।

Share This