৭৮জনীয়া পর্যবেক্ষণ কমিটী গঠন গৌৰৱ গগৈৰ

dainik janambhumi June 08, 2025

ডিজিটেল ডেস্ক : প্রদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পাছতেই শনিবাৰে গৌৰৱ গগৈয়ে প্রদেশ কংগ্রেছ পর্যবেক্ষক সমিতি গঠন কৰিছে। ৭৮জনীয়া এই কমিটীখনত বিধায়ক, প্রাক্তন বিধায়কসহ বহুসংখ্যক দলৰ জ্যেষ্ঠ নেতাক অন্তর্ভুক্ত কৰা হৈছে। 

উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে প্রদেশ কংগ্ৰেছৰ নতুন পূর্ণাংগ কমিটীখন গঠন নকৰা পর্যন্ত ৭৮ জনীয়া পৰ্যবেক্ষক কমিটীখনেৰে দলীয় কাম-কাজ চলাই নিব খুজিছে। দলীয় সূত্ৰৰ মতে জাতি, ধৰ্ম সকলো বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নতুন কমিটীখন গঠন কৰা হ'ব। 

সেয়েহে নতুন কমিটী গঠন কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব। ইফালে পর্যবেক্ষক কমিটীখনক দলীয় কাম-কাজ আগবঢ়াই নিয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কিছু নির্দেশনা দিয়া বুলি জানিব পৰা গৈছে।

Share This