প্ৰলয়ংকৰী বানত ৰাজ্যত ৫ বছৰত প্ৰাণহানি ৮৮০ জনৰ
Dainik Janambhumi
August 03, 2024
ডিজিটেল ডেস্কঃ প্ৰলয়ংকৰী বানত যোৱা পাঁচ বছৰত অসমত ৮৮০ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৪,০৬,৫৫৩টা গৃহ আৰু ৬.৫৭ লাখ হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে৷ ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য সংসদৰ মজিয়াত প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অসমৰ বান সমস্যা সন্দৰ্ভত সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰা মতে বিগত পাঁচ বছৰৰ ভিতৰত অসমত ২০২২-২৩ বিত্তীয় বৰ্ষত হোৱা বান আছিল সকলোতকৈ প্ৰলয়ংকৰী৷ আনহাতে ২০১৯ চনৰ পৰা এই বছৰৰ ২৫ জুলাইলৈকে মুঠ ৮৮০ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷
বিস্তৃত তথ্য অনুসৰি ২০১৯ চনত ১৫৭ গৰাকী, ২০২০ চনত ১৯০ গৰাকী, ২০২১ চনত ৭৩ গৰাকী, ২০২২ চনত ২৭৮ গৰাকী, ২০২৩ চনত ৬৫ গৰাকী আৰু এই বছৰ ২৫ জুলাইলৈকে ১১৭ গৰাকী লোকৰ মৃত্যু হৈছে৷ আনহাতে উচ্ছ সদনতে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী সুকান্ত মজুমদাৰে প্ৰকাশ কৰা আন এক তথ্য অনুসৰি বিগত পাঁচ বছৰত ৰাজ্যখনত বানত ৪৩৫৭টা পশুৰ মৃত্যু হোৱাৰ লগতে ৪০৬৫৫৩টা গৃহ আৰু ৬.৫৭ লাখ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে৷ অসমত বানে সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে,২০১৯-২০ চনত অসমত বানত ২৫০টা পশুৰ, ২০২০-২১ চনত ৩৯৩টা, ২০২২-২৩ চনত ২০৪৩টা আৰু ২০২৩-২৪ চনত ১৬৭১টা পশুৰ মৃত্যু হৈছে৷
আনহাতে বানত ২০১৯-২০ চনত ১৪০৪৪০টা, ২০২০-২১ চনত ৫৭৯৩১টা, ২০২১-২২ চনত ২১৬৩টা,২০২২-২৩ চনত ২০২২১৪টা আৰু ২০২৩-২৪ চনত ৩৮০৫টা গৃহ বানত ক্ষতি হৈছে৷ ইফালে এই সময়ছোৱাত বিস্তৃত কৃষিভূমিও বানত ক্ষতিগ্ৰস্ত হৈছে৷ মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য মতে ২০১৯-২০ চনত বানত ২ লাখ হেক্টৰ, ২০২০-২১ চনত ২.৬৭ লাখ হেক্টৰ, ২০২১-২২ চনত ০.১ লাখ হেক্টৰ, ২০২২-২৩ চনত ৰ.১৫ লাখ হেক্টৰ আৰু ২০২৩-২৪ চনত বানত ০.৫৯ লাখ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত বানে কিদৰে প্ৰতিবছৰে কোটি কোটি টকাৰ সম্পদৰ ক্ষতি কৰি আহিছে৷ ইফালে কেন্দ্ৰীয় চৰকাৰে অসমক বান সাহায্যৰ ধন প্ৰদানৰ ক্ষেত্ৰতো কৃপণালি কৰি আহিছে৷
এন ডি আৰ এফ শিতানত যোৱা পাঁচ বছৰত কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ২৯৪.৩৭ কোটি টকাহে অসমক প্ৰদান কৰিছে৷ ২০২০-২১ চনত ৪৪.৩৭ কোটি টকা আৰু ২০২২-২৩ চনত ২৫০ কোটি টকাৰ বাহিৰে আন তিনিটা বছৰত এপইচাও আগবঢ়োৱা নাই৷ একেদৰে এছ ডি এম এফ শিতানতো ২০১৯-২০ আৰু ২০২২-২৩ চনত কেন্দ্ৰই অসমক ফুটাকড়ি.ও প্ৰদান কৰা নাই৷ ইয়াৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষত ১৫৪.৪০ কোটি, ২০২১-২২ বিত্তীয় বৰ্ষত ১৫৪.৪০ কোটি আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ১৬২.২০ কোটি টকা প্ৰদান কৰিছে৷ ইয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে যে অসমৰ বান আৰু খহনীয়া সমস্যাক কোনোধৰণৰ গুৰুত্ব দিয়া নাই, সেই কথা দেখদেখকৈ ওলাই পৰিছে৷
ইফালে এই বছৰ বাজেটত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ বান সমস্যাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব বুলি ঘোষণা কৰিছে যদিও কিদৰে সহায় কৰিব, সেই কথা উল্লেখ কৰা নাই৷ আনকি কোনো ধৰণৰ পেকেজো ঘোষণা কৰা নাই৷ এনে পৰিস্থিতিত অসমৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ বাবে বাজেটত দিয়া প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰে কিদৰে ৰূপায়ণ কৰে সেয়াহে হ’ব লক্ষণীয়৷
Share This