ডিজিটেল ডেস্ক : পঞ্চায়ত নির্বাচনত ভোটাৰৰ আগত নতুন নতুন প্রতিশ্রুতিৰ বন্যা বোওৱা ৰাজ্য চৰকাৰখনে পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগদিনা অর্থাৎ ৬ মে'ত ল'ব পুনৰ ৯০০ কোটি টকাৰ ঋণ। ৰাজ্য চৰকাৰখনে এইবাৰ ২০ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি ৰিজাৰ্ভ বেংকৰ পৰা এই ঋণ ল'ব।
তাৎপর্যপূর্ণ কথা এয়ে যে মাত্র সৌ সিদিনা, অর্থাৎ ২২ এপ্ৰিলতো ৰাজ্য চৰকাৰখনে ১৫ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি ৯০০ কোটি টকাৰ ঋণ লৈছিলহে। এতিয়া অহা ৬ মে'ত ল'বলগীয়া ৯০০ কোটিৰ ঋণকে ধৰি এই বছৰৰ মাত্র ৫ মাহত ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হ'ল ৯৭৫০ কোটি টকা আৰু ৰাজ্য চৰকাৰখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'লগৈ ১ লাখ ৭৩ হাজাৰ ৭৫০ কোটি টকা।
ঋণ-নিৰ্ভৰ এইখন চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট অধিৱেশনতে বিধানসভাত ঘোষণা কৰিছিল যে নতুন বিত্তীয় বৰ্ষত চৰকাৰখনে মুঠ ৩৪১৮৫ কোটি টকাৰ ঋণ ল'ব। এতিয়া চৰকাৰখনে ঋণৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দি জনতাক ঘিউ খুৱাই আছে।