ডিজিটেল ডেস্ক : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলীৰ ৯৯ শতাংশ ইতিমধ্যে সম্পূৰ্ণ হৈছে। অধিৱেশনৰ প্ৰতিটো কামৰ তদাৰক কৰি আছে আদৰণি সমিতিয়ে। ভক্তৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি খাদ্য, যান-বাহন পার্কিং, খোৱাপানী, চিকিৎসা, অগ্নিনির্বাপণ, খাদ্যকে ধৰি সকলোবোৰ দিশ নিৰীক্ষণ কৰা হৈছে আৰু পৰিকল্পনা মতেই আগবাঢ়ি বর্তমান ৯৯ শতাংশ কাম সম্পূর্ণ হৈ উঠিছে। 'এখন সর্বাংগসুন্দৰ অধিৱেশন উপহাৰ দিবলৈ আমি সক্ষম হ'ম'- এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। ৬ ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰীস্থিত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ প্ৰাক মুহূৰ্তত কালি সাংবাদিকৰ আগত কাৰ্যকৰী সভাপতিগৰাকীয়ে এনেদৰে কয়। তেওঁ কয়, অধিৱেশনখন বিগত অধিৱেশনসমূহতকৈ অধিক সুন্দৰ কৰাৰ বাবে আপ্রাণ চেষ্টা কৰা হৈছে।
শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নদুৱাৰ উপ-জিলাৰ আয়ুক্তসকলৰ লগতে আৰক্ষী প্রশাসন, বিভিন্ন বিভাগৰ বিষয়া-কর্মচাৰীসকলেও কেতবোৰ দায়িত্ব নিষ্ঠাৰে লৈ আগবাঢ়িছে। তেওঁ ৫ লক্ষাধিক ভকত-বৈষ্ণৱসকলক আদৰিবলৈ সাজু হৈ আছোঁ বুলি মন্তব্য কৰাৰ লগতে অধিৱেশনখন সকলো ফালৰ পৰাই সর্বাংগসুন্দৰ হ'ব বুলিও তেওঁ আশা প্রকাশ কৰে।
ইফালে অধিৱেশন উপলক্ষে ইতিমধ্যেই ভক্তিৰসত নিমজ্জিত হৈছে অধিৱেশনস্থলী। শ্রীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সদস্যসকলেও অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰিবলৈ উজান দিছে হাত। প্রতিনিধি শিবিৰ, সেৱা বাহিনীৰ শিবিৰ নিৰ্মাণৰ পাছত সেৱা বাহিনীৰ সদস্যসকলে অধিৱেশনস্থলীৰ সাতটাকৈ প্ৰৱেশ পথৰ দুয়োকাষে সংঘৰ পতাকা স্থাপন কৰাত ব্যস্ত হৈ পৰিছে। কৰ্মৰ মাজতেই এইসকল সেৱা বাহিনীৰ সদস্য-সদস্যাই লৈছে হৰিনাম। আনহাতে এইবাৰৰ অধিৱেশনস্থলীৰ মূল মণ্ডপৰ সন্মুখৰ বাটচ'ৰাভাগে দৃষ্টি আকর্ষণ কৰিছে সকলোৰে। শংকৰী সংস্কৃতিৰ গায়ন-বায়ন আৰু সূত্ৰধাৰে নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত শিৰত পিন্ধা মথুৰা পাকৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মূল মণ্ডপৰ বাটচ'ৰাভাগ। আকর্ষণীয় বাটচ'ৰাভাগে দৃষ্টি আকর্ষণ কৰিছে সকলোৰে। এইবাৰ জামুগুৰিহাটৰ প্ৰত্যেকজন মানুহৰ আৱেগ, গৌৰৱ, স্বাভিমান বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপ জিলিকি থাকিব ৯৫সংখ্যক শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনৰ প্ৰদৰ্শনীস্থলীত।
তদুপৰি চক্ৰবেহু, ঢেকীয়াজুলিৰ শ্বহীদ স্মৃতি ক্ষেত্র, শোণিতপুৰৰ হৰ-হৰিৰ যুদ্ধ, চতিয়াৰ ঐতিহাসিক পুলিচ থানাকে ধৰি শোণিতপুৰৰ বিভিন্ন ঐতিহ্য প্রতিফলিত হ'ব প্রদর্শনীস্থলীত। প্রায় কুৰিখনৰো অধিক গ্রন্থ উন্মোচন হ'ব লগা অধিৱেশনখনত হাজাৰ হাজাৰ ভকতক আহাৰ বিতৰণৰ বাবে সাজু কৰা হৈছে বিশাল ভোজনালয় আৰু পাকঘৰ। জানিব পৰা মতে এই আহাৰ বিতৰণৰ বাবে ভোজনালয়ত ব্যৱহাৰ কৰিবলৈ সাজু কৰা হৈছে ৫০খনকৈ অন্নবাহন। তদুপৰি অতিথিক আদৰিবলৈ সাজু জামুগুৰিহাটবাসী। জনা মতে ৫ হাজাৰৰো অধিক গামোচা আৰু চেলেং সাজু কৰিছে আইমাতৃসকলে। ইফালে যোৱা ১ ফেব্ৰুৱাৰীত এক হাজাৰৰো অধিক ষ্টল থকা প্রদর্শনীস্থলীত অসম চৰকাৰৰ ৰাজ্যিক উদ্যম সমাগম-স্বদেশী মেলাখন স্থানীয় বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছৰে পৰা ৰাইজৰ সোঁত বৈছে। মুঠৰ ওপৰত এতিয়া জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।