এছ আই টিৰ ৯৬ পৃষ্ঠাৰ প্রতিবেদনখনে বহু সত্য উন্মোচন কৰিছে, ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্রীয়ে ক'লে

dainik janambhumi September 12, 2025

ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্থান লিংকৰ সন্দৰ্ভত এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনখন পঢ়াৰ পাছত মনটো গধুৰ হৈ পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কালি তেওঁ এই কথা ছ'চিয়েল মিডিয়াযোগে প্রকাশ কৰি কয়, 'এছ আই টিৰ প্রতিবেদখন এখন ৯৬ পৃষ্ঠাজোৰা দস্তাবেজ-সীমিত সমলেৰে প্ৰস্তুত কৰা যদিও এই প্রতিবেদনখনে বহু সত্য উন্মোচন কৰিছে। 

প্রতিবেদনখনৰ কেইটামান বিশেষ বাক্যই মনটো গধুৰ কৰি তুলিলে, আৰু ভাবিবলৈ বাধ্য কৰালে যে কিমান সহজে মানুহে শিপা পাহৰি কেৱল নিজৰ অভিপ্রায় সিদ্ধিৰ বাবে উত্তৰ প্ৰজন্মৰ ভৱিষ্যতকো বিনিময় কৰিবলৈ কুণ্ঠাবোধ নকৰে।' 

আনহাতে সাংসদ গগৈৰ দুটি সন্তানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'আমাৰ দুখ এগৰাকী পিতৃৰ পতনৰ বাবে নহয়, দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ কণ্ঠ মূক কৰি তোলাক লৈহে। সেই দুটি সন্তানৰ পৰা কি কাঢ়ি নিয়া হৈছে তাক উপলব্ধি কৰিবলৈও তেওঁলোকৰ বয়স কম। মোৰ প্ৰাৰ্থনা তেওঁলোকৰ সৈতে সদায় থাকিব।'

Share This