ডিজিটেল ডেস্ক : ডিব্ৰুগড় জিলাত যোৱা ১৯ জুনৰ পৰা চলি থকা চলিত শিক্ষাবৰ্ষৰ প্ৰথম গোট মূল্যায়নৰ প্ৰশ্নকাকতসমূহ ফাদিল হোৱা ঘটনাই ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰীক্ষাৰ আগদিনাই একাংশ ছাত্র-ছাত্ৰীৰ হাতে হাতে উপলব্ধ প্রতিটো বিষয়ৰ প্ৰশ্নকাকত এশৰ পৰা পাঁচশ টকা পর্যন্ত বিক্রী হোৱাৰ খবৰ আহিছে। বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাত যোৱা বছৰৰ পৰাই এই ঘটনা সংঘটিত হৈ আহিছে।
নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্য অনুসৰি, পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত থকা জিলা পৰ্যায়ৰ কমিটীয়ে পৰীক্ষাৰ আগদিনাই হোৱাটছএপযোগে সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীসকললৈ প্রশ্নসমূহ প্ৰেৰণ কৰে। জিলাখনৰ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ে বিভাগীয় নির্দেশ অনুসৰি এই প্রশ্নকাকতেৰেই পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। বহু বিদ্যালয়ত প্রশ্নসমূহ জেৰক্স কৰাৰ সুবিধা নোহোৱাৰ বাবে বাহিৰৰ প্ৰতিষ্ঠানত কৰিবলগীয়া হয়। এনেদৰে পৰীক্ষাৰ গোপনীয়তা ভংগ হোৱাৰ সুযোগ লৈ এটা দুষ্ট চক্ৰই ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত জিলাখনৰ শিক্ষা বিভাগৰ অধীনৰ পৰীক্ষা নিয়ন্ত্ৰণ কমিটীখনৰ দায়বদ্ধতাক লৈয়ো প্রশ্ন উঠিছে।
পৰীক্ষাৰ প্ৰশ্নসমূহ ম'বাইলযোগে প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ দৰে প্ৰশ্নকাকত যোগান ধৰিব নোৱৰা বিষয়টো সচেতন ৰাইজে সহজভাৱে ল'ব পৰা নাই। সেয়েহে, সম্প্ৰতি জিলাখনৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বাকী থকা পৰীক্ষাসমূহৰ প্রশ্নকাকত নিজাকৈ প্রস্তুত কৰাৰো চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্রশ্নকাকত ফাদিলৰ ঘটনা জিলাখনত এয়াই প্রথম নহয়। বিগত শিক্ষাবর্ষতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সময়ত বহুসংখ্যক শিক্ষক-শিক্ষয়িত্রীয়ে বিষয়টো ঊর্ধ্বতন কর্তৃপক্ষক অৱগত কৰিছিল যদিও কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ'ল।
আনহাতে, বহু চৰকাৰী বিদ্যালয়ে গোট মূল্যায়নৰ প্ৰশ্নকাকতৰ বাবে প্ৰাথমিক পৰ্যায়ৰ পৰা দশম শ্রেণী পর্যন্ত নীতিবহির্ভূতভাৱে মাচুল সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে। সমগ্র বিষয়সমূহ গুৰুত্বসহকাৰে তদন্ত কৰি উচিত পদক্ষেপ গ্রহণ কৰিবলৈ অভিভাৱকসকলে জিলা আয়ুক্তৰ প্ৰতি আহ্বান জনাইছে। আনহাতে, এনে ঘটনাৰ পাছতে একাংশ নিষ্ঠাৱান আৰু কৃতী ছাত্র-ছাত্রীয়ে মনোকষ্ট পাইছে। কাৰণ তেওঁলোকৰ কষ্ট অথলে গৈছে।