কোকৰাঝাৰ জিলা কাৰাগাৰত অঘটন 

Kakali Deka May 09, 2025

ডিজিটেল ডেস্কঃ নিশা কাৰাগাৰ চৌহদত চিপ লৈ এগৰাকী ৪৭ বছৰীয়া হাজোতীৰ আত্মহত্যা ৷ কোকৰাঝাৰ জিলা কাৰাগাৰত চিপজৰী লৈ আত্মহত্যা কৰা হাজোতী গৰাকীক চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত পশ্চিম খাটালপাৰা গাঁৱৰ নকুল মণ্ডল বুলি চিনাক্ত কৰা হৈছে ।


যোৱা ৩০ এপ্ৰিল তাৰিখে মাটি সংক্ৰান্তত ঘৰুৱা কাজিয়াত নকুল মণ্ডলে কনিষ্ঠ ভাতৃ সহদেৱ মণ্ডলক দাৰে আক্ৰমন কৰি গুৰুতৰ ভাবে আহত কৰিছিল ।উক্ত অপৰাধৰ বাবে বাসুগাঁও থানাৰ আৰক্ষীয়ে নকুল মণ্ডলক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ জেললৈ প্ৰেৰণ কৰিছিল ।আৰু শুকুৰবাৰে পুৱতি নিশা নকুল মণ্ডলে জেলৰ ভিতৰতে চিপজৰী লৈ আত্মহত্যা কৰে ।

উল্লেখ্য যে পৰিয়াল আৰু আত্মীয়ই এয়া এক ৰহস্যজনক মৃত্যু বুলি অভিহিত কৰি ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী কৰিছে ৷

Share This