ডিজিটেল ডেস্ক : পাটাছাৰকুছি নিৱাসী সমাজ সচেতন যুৱক তথা খাদ্য, ৰাজহুৱা বিতৰণ আৰু পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক নিতুল শৰ্মাই পৰহি উৰুকাৰ নিশা এক ব্যতিক্রমী চিন্তাৰে পাটাছাৰকুছি বজাৰ। বজাৰ এলেকাত থকা পদপথৰ গৰাকীবিহীন কুকুৰবিলাকক মাংসৰে ভাত এসাঁজ খুৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পিতৃৰ বাৰ্ষিক মৃত্যু দিন তথা সময়-সুবিধা লৈ এনেয়ে নদীত মাছ এৰি দিয়া, দুখীয়া পৰিয়ালক ঠাণ্ডাৰ দিনত কম্বল তথা তুলী প্ৰদান কৰা আদি ব্যতিক্রমী নিজা পদক্ষেপেৰে মহানুভৱতা দেখুওৱা এইগৰাকী যুৱকৰ অনুভৱ যে উৰুকাৰ নিশা সকলোৱে মাছে-মঙহে এসাঁজ খায় যদিও সঁচা অৰ্থত নিশা পৰ দি থকা পদপথৰ গৰাকীবিহীন কুকুৰবিলাক মাংসহাৰী হৈও এই ভোগৰ পৰা বঞ্চিত হ'ব লগা হয়।
উৰুকাৰ নিশা এই কুকুৰবিলাকেও যাতে মাংসৰে তৃপ্তিৰে এসাঁজ খাব পায় তাৰ ব্যৱস্থা হিচাপে এখন ই-ৰিস্কাত মাংস-ভাত কঢ়িয়াই লৈ পাটাছাৰকুছি বজাৰ এলেকাত সকলোফালে ঘূৰি-ফুৰি দেখা পোৱা পদপথৰ গৰাকীবিহীন কুকুৰবিলাকক মাতি এই খাদ্য বিতৰণ কৰে।
বিতৰণ কাৰ্যত যুৱকজনক সহযোগ কৰে সাংবাদিক তথা অসম বিজ্ঞান সমিতিৰ শ্ৰেষ্ঠ বিজ্ঞানকর্মী বঁটাপ্রাপক আমিনুল হক, উদীয়মান যুৱক মৌচম শৰ্মা আৰু ই-ৰিস্কাখনৰ চালক খৰ্গেশ্বৰ ৰয়ে। নিশা পৰ দি থকা পদপথৰ গৰাকীবিহীন কুকুৰবিলাকেও উৰুকাৰ নিশা যাতে তৃপ্তিৰে এসাঁজ খাব পায় তাৰবাবে এনে ব্যতিক্রমী চিন্তাৰে এনে ব্যতিক্রমী পদক্ষেপ লোৱা বুলি সমাজ সচেতন যুৱকজনে জানিবলৈ দিছে। এনে ব্যতিক্রমী পদক্ষেপক শলাগিছে স্থানীয় বহু লোকে।