ডিজিটেল ডেস্ক: সৰাপাতৰ দৰে খহি পৰে সময়। থুনুক থানাক খোজেৰে সময় নামৰ আবেলিটোৰ বুকুত এখুজি দুখুজিকৈ খোজ দি আগমন ঘটে এটি বছৰৰ। নতুন দিগন্তৰ নতুন সপোন লৈ প্ৰতিটো দিনৰ উশাহ বুটলি সময়ে লিখি যায় বহু আশা, পোৱা-নোপোৱাৰ হিচাপ আৰু ৰঙীন সপোনৰ বহু নতুন ইতিহাসৰ পৃষ্ঠাবোৰ। সময়ৰ বোকোচাত ২০২৫ বছৰটোৱে অসমবাসীক দি গ'ল বহু ভাল খবৰ।
অসমৰ সমাজ, সাহিত্য, ক্রীড়া, সংস্কৃতিৰ পথাৰখন এই বছৰটোত যথেষ্টখিনি সমৃদ্ধিশালী হোৱাৰ লগতে নতুন নতুন সম্ভাবনা কঢ়িয়াই আনিলে। বিশেষকৈ বিদায়ী বৰ্ষটো অসমৰ সাহিত্য জগতৰ বাবে আছিল এক বিশেষ বছৰ। অসমীয়া সাহিত্যৰ বাবে আশাৰ খবৰ কঢ়িয়াই নতুন বঁটা ঘোষণা, সাহিত্যিকসকলক স্বীকৃতি প্রদান আৰু নতুন নতুন গ্রন্থ প্ৰকাশৰ প্ৰসাৰে অসমীয়া সাহিত্যৰ ভৱিষ্যতৰ বাবে এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিলে। ২০২৫ বছৰটোত সাহিত্যৰ ক্ষেত্ৰখনত কেইবাজনো লেখক, সাহিত্যিকে লাভ কৰিলে সন্মান। সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 'পদ্ম' বঁটাৰ বাবে নির্বাচিত হয় ড° অনিল কুমাৰ বড়ো আৰু লেখিকা গীতা উপাধ্যায়। দুয়োগৰাকীকে 'পদ্মশ্রী' সন্মান আগবঢ়োৱা হয়। সেইদৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোণাল মানসিঙক চলিত বৰ্ষৰ ১২ জুনত ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়। অনুবাদ সাহিত্যত তিনিগৰাকী অসম সন্তানে সাহিত্য অকাদেমি অনুবাদ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। অসমীয়াত অঞ্জন শর্মাই 'আর্লি হিষ্ট্ৰি অব কামৰূপ'ৰ অসমীয়া অনুবাদ 'প্রাচীন কামৰূপৰ ইতিহাস'ৰ বাবে, হোমেন বৰগোহাঞিৰ 'সাউদৰ পুতেকে নাও মেলি যায়'ৰ বাংলা অনুবাদৰ বাবে বাসুদেৱ দাসে আৰু বড়ো ভাষা শিতানত অনুৰাধা শৰ্মা পূজাৰীৰ 'কাঞ্চন' উপন্যাস অসমীয়া ভাষাৰ পৰা বড়ো ভাষালৈ অনুবাদৰ বাবে উত্তৰা বিছমুথিয়াৰীলৈ সাহিত্য অকাদেমি অনুবাদ বঁটা আগবঢ়োৱা হয়। তেনেদৰে সুৰেন্দ্ৰ মোহন দাস, বিনয় কুমাৰ ব্ৰহ্মাই সাহিত্য অকাদেমি শিশু বঁটা আৰু সুপ্রকাশ ভূঞা, অমৰ খুংণ্ডৰ বড়োৱে সাহিত্য অকাদেমি যুর বঁটা লাভ কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ 'সদসি ৱৰণ্যেঃ' সন্মান প্রদান কৰা হয়। প্রাচ্যতত্ত্ববিদ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ড° থানেশ্বৰ শৰ্মা আৰু ড° মহেশ্বৰ হাজৰিকালৈ অসম সাহিত্য সভাৰ 'সদস্য মহীয়ান' সম্মান আগবঢ়োৱা হয়।
একেদৰে গৱেষক, সাহিত্যিক, সমালোচক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, গীতিকাৰ ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক, সাহিত্যিক, অধ্যাপক কৰবী ডেকা হাজৰিকাক 'সাহিত্যাচার্য' সন্মানেৰে বিভূষিত কৰা হয়। বিশিষ্ট কবি, সাহিত্যিক আনিছ উজ জামানক অসম সাহিত্য সভাই 'জাতীয় কবি' উপাধি প্রদান কৰে। তেনেদৰে ভাৰতীয় সাহিত্যৰ এটা অতি সন্মানীয় বঁটা 'ড' চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা-২০২৫' অসমৰ বিশিষ্ট কবি নীলিম কুমাৰলৈ আগবঢ়োৱা হয়। পদ্মভূষণ, জ্ঞানপীঠ বঁটা বিজয়ী তেলুগু ভাষাৰ অতি বিখ্যাত কবি, গীতিকাৰ লেখক ড° চি নাৰায়ণ ৰেড্ডীৰ নামত ২০২০ চনৰ পৰা এই বঁটা ভাৰতৰ এজন বিশিষ্ট সাহিত্যিকলৈ আগবঢ়াই অহা হৈছে। খ্যাতনামা সাহিত্যিক ড° দীপক কুমাৰ বৰকাকতিলৈ আগবঢ়োৱা হয় অসম প্ৰকাশন পৰিষদৰ ২০২৫ বৰ্ষৰ সাহিত্য বঁটা। 'ঐশ্বর্য' নামৰ উপন্যাসখনৰ বাবে বৰকাকতিয়ে এই বঁটা লাভ কৰে। আনহাতে গ্ৰন্থখনৰ প্ৰকাশক 'বান্ধব'লৈ অসম প্রকাশন পৰিষদৰ প্রকাশক বঁটা আগবঢ়োৱা হয়। অসম প্রকাশন পৰিষদৰ সাহিত্য বঁটাৰ সৈতে আছে নগদ ৫ লাখ টকা।
আনহাতে অসম প্রকাশন পৰিষদৰ প্ৰকাশক বঁটাত আছে ৩ লাখ টকা। ঠিক তেনেদৰে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে মুঠ ২৮ গৰাকী লেখক, সাহিত্যিকক ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেঞ্চনৰ বাবে অসম চৰকাৰে নিৰ্বাচিত কৰে। ইয়াৰে ৮ গৰাকীয়ে সাহিত্য বঁটা আৰু ১০ গৰাকী লোকে সাহিত্যিক পেঞ্চন লাভকৰিব। সাহিত্য বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক কেইগৰাকী হৈছে ক্রমে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী (কামৰূপ মেট্র'), ড" সূর্যকান্ত হাজৰিকা (কামৰূপ মেট্র'), কিশোৰী মোহন দাস (বৰপেটা), পূর্ণ কুমাৰ শৰ্মা (বিশ্বনাথ), অর্পণা কোঁৱৰ (ডিব্ৰুগড়), আশুতোষ দাস (হাইলাকান্দি), ড° পূর্ণ ভট্টাচার্য (কামৰূপ মেট্র'), সজল পাল (কামৰূপ মেট্র'), উর্মিলা চক্রবর্তী (কামৰূপ মেট্র'), ভৱেন চন্দ্র কোচ (কার্বি আংলং), সাৰদা প্রসাদ মুছাহাৰী (কোকৰাঝাৰ), গুৰমাইল সিং (নগাঁও), ফণী কৈৰী (শিৱসাগৰ), ড° যতীন বৰুৱা (শোণিতপুৰ), সুভাষ চন্দ্ৰ সিনহা (শ্রীভূমি), বৰুৱা কান্তব্ৰহ্ম (তামুলপুৰ), গিৰীশ সন্দিকৈ (তিনিচুকীয়া) আৰু সুবর্ণ শইকীয়া (গোলাঘাট)। তেনেদৰে সাহিত্যিক পেঞ্চন লাভ কৰা বিশিষ্ট সাহিত্যিকসকল হ'ল ক্রমে গুঞ্জন কুমাৰ ফুকন (বিশ্বনাথ), দিলীপ চন্দন শর্মা (কামৰূপ মেট্র'), শান্তনু কৌশিক বৰুৱা (কামৰূপ মেট্র'), মিহিৰ দেউৰী (কামৰূপ মেট্র'), ৰঞ্জিত হাজৰিকা (কামৰূপ মেট্র'), শশীধৰ দেউৰী (লখিমপুৰ), কমল কুমাৰ জৈন (নলবাৰী), সোণবৰ বৰুৱা (তামুলপুৰ), যতীন মৰাণ (তিনিচুকীয়া) আৰু থানেশ্বৰ গয়াৰী (কাৰ্বি আংলং)।
উল্লেখযোগ্য যে, সাহিত্য বঁটাৰ বাবে নিৰ্বাচিতসকলে বঁটাৰ লগতে ৫০,০০০ টকাৰ এককালীন ধন লাভ কৰিব। তেনেদৰে সাহিত্যিক পেঞ্চনাৰসকলে প্রতিমাহে ৮০০০ টকাকৈ লাভ কৰিব। বছৰটোৰ শেষত ৮১৮ গৰাকী যুৱ সাহিত্যিকক অসম প্রকাশন পৰিষদে 'যুব সাহিত্য সম্মান' প্রদান কৰি প্রত্যেককে ২৫,০০০ টকাকৈ এককালীন সাহায্য প্রদান কৰে।
লক্ষণীয়ভাৱে ২০২৫ বর্ষটোত অসম চৰকাৰে অসমীয়া সাহিত্যৰ বাবে লোৱা কেইবাটাও ভাল পদক্ষেপৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ উদ্যোগ গ্রহণ কৰিছে। ইয়াৰ ভিতৰত বিশেষকৈ গ্ৰন্থৰ জনপ্ৰিয়কৰণৰ অৰ্থে উদ্যোগ গ্রহণ কৰি চৰকাৰে বছৰটোক 'গ্রন্থবর্ষ ২০২৫' হিচাপে ঘোষণা কৰা কাৰ্য অতিকে প্রশংসনীয় হৈ ৰ'ব। আনহাতে অসমৰ গ্ৰন্থ প্রকাশকসকলে ২০২৫ বৰ্ষত বহুবোৰ গুৰুত্বপূৰ্ণ গ্রন্থ প্ৰকাশ কৰি উলিওৱাৰ খবৰো বছৰটোৰ আন এক ভাল খবৰ। ইয়াৰ লগতে 'বান্ধব' প্রকাশনৰ পৰা প্ৰকাশিত ড° মৃণাল কলিতাৰ সাহিত্য অকাদেমি শিশু সাহিত্য বঁটা প্রাপ্ত 'বকুল ফুলৰ দৰে'ৰ ৬৪সংখ্যক মুদ্রণ আৰু 'পূৰ্বায়ণ' প্রকাশনৰ পৰা প্ৰকাশিত ড° ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে'ৰ ৫৬ সংখ্যক মুদ্রণ ২০২৫ বৰ্ষৰ আন এটি ইতিবাচক খবৰ। আনহাতে এই বৰ্ষতে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই যোৱা প্ৰাণৰ শিল্পী জুবিন গার্গ বিষয়ক প্রকাশ পোৱা ৭০ খনৰো অধিক গ্রন্থইও অসমীয়া সাহিত্যক সমৃদ্ধ কৰি ৰাখিব।