ডিজিটেল ডেস্কঃ দেশ-বিৰোধী মন্তব্য কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে গুৱাহাটীৰ মাজমজিয়াত পাকিস্তানৰ পতাকা আঁৰি থৈ যোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুৰ তলত দেওবাৰে অজ্ঞাত যুৱকে দুখনকৈ পাকিস্তানৰ পতাকা আঁৰি থৈ যায়।
প্রত্যক্ষদর্শীয়ে আৰক্ষীক জনোৱা মতে পাঁচজন যুৱকে এই পতাকা দুখন আঁৰি থৈ যায়। পাছত মহানগৰ আৰক্ষীয়ে পতাকা দুখন জব্দ কৰে। আনহাতে, দেশ-বিৰোধী মন্তব্য কৰি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যাই ৪০ৰ ঘৰ স্পৰ্শ কৰিছে। আজি বৰপেটাৰ এজন যুৱকক তেলেংগানাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনক বৰপেটাৰ চাংবান্ধাৰ আজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।
লক্ষণীয় যে তেলেংগানাৰ এটা কোম্পানীত কৰ্মৰত আজিবুৰে সামাজিক মাধ্যমত দেশ-বিৰোধী মন্তব্য কৰিছিল। তাৰ পাছতে তেওঁৰ বিৰুদ্ধে বৰপেটাত এটা গোচৰ ৰুজু কৰা হয়। এই গোচৰৰ ভিত্তিত তেওঁক তেলেংগানাত বাস কৰা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ অনা হৈছে। ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে কালি দেশ-বিৰোধী মন্তব্য কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। হোজাই আৰক্ষীয়ে কালি মিস্তাকুল আলম আৰু দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে জেহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ লগে লগে এই অভিযানত গ্ৰেপ্তাৰ হোৱা দেশদ্রোহীৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পায়।