তেত্ৰিশ বছৰে পুত্ৰৰ অপেক্ষাত বন্দী এগৰাকী অসহায় বৃদ্ধা

Jyoti Borah September 13, 2023

ডিজিটেল ডেস্কঃ লখিমপুৰ জিলাৰ বঙালমৰাৰ এগৰাকী অশীতিপৰ অসহায় বৃদ্ধা৷ নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধান বিচাৰি বিগত তেত্ৰিশ বছৰে উৎকণ্ঠা, উদ্বিগ্নতা আৰু নিদ্ৰাহীন নিশাৰে দিনৰ পাছত দিন আৰু বছৰৰ পাছত বছৰ অপেক্ষা কৰি আহিছে তেওঁ৷ বিগত তিনি দশকৰো অধিক কাল এখন ভগ্ন হৃদয় আৰু চকুলোৰে পুত্ৰ-স্নেহত ব্যাকুল হৈ থকা এইগৰাকী দুৰ্ভগীয়া বৃদ্ধাই এতিয়া এটা ভঙা জুপুৰিসদৃশ গৃহত পাৰ কৰিবলগীয়া হৈছে দুৰ্বিষহ জীৱন৷ বঙালমৰাৰ সান্দহখোৱাৰ প্ৰয়াত কলিয়া ভৰালী আৰু ইন্দিৰা ভৰালী (৮৫)ৰ দ্বিতীয় পুত্ৰ লাচিত ভৰালীয়ে ১৯৯১ চনত বিহপুৰীয়া মহাবিদ্যালয়ত স্নাতক প্ৰথম বাৰ্ষিকত পঢ়ি থাকোঁতেই পৰিয়ালৰ অজ্ঞাতে আলফাত যোগদান কৰি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল৷ 

জানিব পৰা মতে, এগৰাকী মেধাৱী আৰু সুদক্ষ খেলুৱৈ হিচাপে পৰিচিত লাচিত ভৰালী পৰৱৰ্তী সময়ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত আলফাৰ লেফটেনেণ্ট কৰ্নেল পৰ্যায়ৰ দায়িত্ব লাভ কৰি আলফাৰ বহু অভিযানত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল৷ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ আৰু বিশ্বাসী কেদাৰ হিচাপে জনাজাত লাচিত ভৰালীয়ে বহু শীৰ্ষ নেতাৰ লগত বাংলাদেশত বাহৰ পতাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আলফাৰ বহু সাংগঠনিক কামৰ নেতৃত্ব প্ৰদান কৰিছিল৷ 
পাছত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াকে ধৰি বহু শীৰ্ষ নেতাৰ প্ৰত্যাৱৰ্তন ঘটিল যদিও বাংলাদেশত ‘চেলিম’ নামেৰে পৰিচিত লাচিত ভৰালীৰ কোনো শুং-সূত্ৰ আজিলৈকে পৰিয়ালৰ লোকে পাবলৈ সক্ষম নহ’ল৷ আনকি এসময়ত আলফা সংগঠনত সতীৰ্থ হিচাপে লগ পোৱা প্ৰাক্তন সতীৰ্থসকলেও নাজানে লাচিত ভৰালী সম্পৰ্কত কোনো তথ্য৷ এক অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে লাচিত ভৰালী ওৰফে চেলিমে বাংলাদেশৰ নাগৰিকত্ব গ্ৰহণ কৰা বুলি ক’বলৈ বিচাৰিলেও সেই তথ্যৰো কোনো বিশ্বাসযোগ্যতা নাই৷ ইফালে লাচিত ভৰালীয়ে আলফাত যোগদান কৰাৰ পাছতেই লাচিতৰ সন্ধানত পৰিয়ালটোৰ ওপৰত সেনা-আৰক্ষীৰ চলিল অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন৷ কনিষ্ঠ ভাতৃ বীৰেন ভৰালীৰ শিক্ষাগত সকলো নথিপত্ৰ সেনা বাহিনীতে নষ্ট কৰি পেলালে৷ যাৰ ফলত আধাতে তেওঁ শিক্ষা জীৱন সামৰিবলগীয়া হয়৷ আনহাতে পুত্ৰৰ বাবে অধীৰ অপেক্ষা কৰিও পুত্ৰৰ মুখ নেদেখাকৈয়ে লাচিতৰ পিতৃ কলিয়া ভৰালীয়ে ২০১৫ চনত ইহলীলা সম্বৰণ কৰে৷ ইয়াৰ পাছতেই সৰু পুত্ৰ বীৰেন ভৰালীক লগত লৈ মাতৃ ইন্দিৰা ভৰালীয়ে সান্দহখোৱাৰ পুৰণি ঘৰ-ভেটি ত্যাগ কৰি বঙালমৰাৰ এটা জুপুৰিসদৃশ ঘৰত দুৰ্বিষহ জীৱন অতিবাহিত কৰি আহিছে৷ 
 সৰু পুত্ৰ বীৰেনে সৰু-সুৰা বেপাৰেৰে কোনোমতে পোহপাল দি আহিছে অসহায় বৃদ্ধা মাতৃক৷ আনহাতে পুত্ৰৰ মুখখন চাবলৈ এতিয়াও অধীৰ অপেক্ষাৰে পদূলিমুখলৈ চাই থকা ৮৫ বছৰীয়া ইন্দিৰা ভৰালীয়ে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰেৰে আহ্বান জনায় পুত্ৰ লাচিতৰ সন্ধান দিবলৈ৷ দীৰ্ঘ তেত্ৰিশ বছৰে নিৰুদ্দিষ্ট পুত্ৰৰ বাবে দিন-ৰাতি একাকাৰ কৰি ব্যাকুল হৈ থকা ইন্দিৰা ভৰালীয়ে কথাৰ মাজতে থোকাথুকি মাতেৰে ক’লে মৃত্যুৰ আগত তাক এবাৰ দেখিবলৈ পালেহে মোৰ আত্মাই শান্তি পাব ৷
 

Share This