১ ফেব্ৰুৱাৰীত খাৰঘুলিত হিন্দু সন্মিলনৰ আয়োজন

dainik janambhumi January 27, 2026

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি হিন্দু সন্মিলনৰ আয়োজন কৰি অহা হৈছে। ভাৰতবৰ্ষৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলক একত্ৰিত কৰা, সনাতন সংস্কৃতি ৰক্ষা আৰু সমাজ সংস্কাৰ, ধৰ্মীয় সজাগতা, গো সুৰক্ষা, মহিলা সবলীকৰণৰ লক্ষ্যৰে এই হিন্দু সন্মিলন অনুষ্ঠিত কৰি আহিছে। 

গুৱাহাটীৰ খাৰঘুলিত অহা ১ ফেব্ৰুৱাৰীত বর্ণাঢ্য কাৰ্যসূচীৰে হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে। খাৰঘুলিৰ ৰাইজ, দীপজ্যোতি সংঘ, খাৰঘুলি ৰঙালী বিহু সম্মিলনৰ সহযোগত আয়োজন কৰা হিন্দু সম্মিলন বিয়লি ৩-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব। দেওবাৰে খাৰঘুলি বিহু সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে আয়োজক সমিতিৰ সম্পাদক মৃদুল কলিতাই। সংবাদমেলত কলিতাই কয় যে খাৰঘুলি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব লগা এই সন্মিলনত হিন্দুত্বৰ প্ৰতি ৰাইজক আকৰ্ষণ কৰা, বাল্যবিবাহ, লাভ জেহাদৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, নৱ প্ৰজন্মক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অখিল ভাৰতীয় মহাসচিব হেমন্ত ধিং মজুমদাৰ। সন্মিলনত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। 

উক্ত দিনা সন্মিলনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখন চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছে। চিত্রাংকণ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰাসকলে ৮৬৩৮২২৩৬২৬ ম'বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। সম্মিলনখন উদযাপন কৰাৰ বাবে দিব্যজ্যোতি কলিতাক সভাপতি, মৃদুল কলিতাক সম্পাদক, নৱকুমাৰ ডেকাক উপ-সভাপতি, ৰাজমণি দাসক কোষাধ্যক্ষ হিচাপে লৈ এখন উদ্যাপন সমিতি গঠন কৰা হৈছে।

Share This