RTI কৰ্মী দিলীপ নাথৰ বাসগৃহত বুজন পৰিমাণৰ মূল্যৱান কাঠ জব্দ

Kakali Deka July 08, 2025

ডিজিটেল ডেস্কঃ বিতৰ্কিত RTI কৰ্মী দিলীপ নাথৰ ঢেকীয়াজুলিৰ পাঁচনৈস্থিত বাসগৃহত সোমবাৰে নিশা পুনৰ আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযান চলিল৷ এই অভিযানত মূল্যৱান কাঠ জব্দ কৰা হৈছে। এই অভিযানত নাথৰ বাসগৃহৰ ভিতৰত অবৈধভাৱে স্থাপন কৰা এখন ফাৰ্নিচাৰ প্ৰতিষ্ঠানো উন্মোচিত হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে দিলীপ নাথৰ অগাধ সম্পত্তিৰ তদন্ত কৰা হ’ব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই আৰক্ষী আৰু বন বিভাগে এই অভিযান চলায়। অভিযানত পোৱা তথ্য অনুসৰি, নাথৰ ঘৰত কোনো বৈধ অনুমতি নোলোৱাকৈ বিপুল পৰিমাণৰ মূল্যৱান কাঠ মজুত ৰখা হৈছিল, যি সম্পূৰ্ণৰূপে বন আইন উলংঘা কৰে।

উল্লেখযোগ্য যে পাঁচনৈ নৈত অবৈধ শিল-বালি খননৰ বিষয়ে বাতৰি সংগ্রহ কৰিবলৈ যোৱা ঢেকীয়াজুলিৰ এজন স্থানীয় সাংবাদিকক যোৱা ২৯ জুনত এদল বালি মাফিয়াই দলবদ্ধভাৱে আক্ৰমণ কৰিছিল। এই ঘটনাত আৰক্ষীয়ে ইতিমধ্যে চাৰিজনক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে। অভিযুক্তসকলৰ সৈতে দিলীপ নাথৰ নাম জড়িত বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

ঘটনাটোৰ পিছতে দিলীপ নাথে পশ্চিম বংগত আত্মগোপন কৰি আছিল, যাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঢেকীয়াজুলিলৈ অনিছে। সাংবাদিকক দলবদ্ধ আক্ৰমণত বিতৰ্কিত RTI কৰ্মী দিলীপ নাথৰ পুত্ৰ কপিল নাথকো গ্ৰেপ্তাৰ হৈছে৷


বাতৰি সংগ্ৰহঃ দিগন্ত শৰ্মা, ঢেকীয়াজুলি

Share This