ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহাগনৰীক। এতিয়া পৰিস্থিতি এনেকুৱাই হৈছেগৈ যে মহানগৰীত বাসিন্দাই কোনো সময়তে সুৰক্ষিত অনুভৱ নকৰা হৈছে। বিশেষকৈ অকলশৰীয়া বয়োজ্যেষ্ঠ লোকৰ বাবে শেহতীয়াকৈ গুৱাহাটী পৰিণত হৈছে মৰণফান্দলৈ। সোমবাৰে মহাগনৰীৰ পাঞ্জাবাৰীত সংঘটিত এক নৃশংস হত্যাকাণ্ডই পুনৰবাৰ মহানাগৰিকৰ জীৱনৰ নিৰাপত্তাক লৈ প্রশ্নৰ উদ্রেক ঘটাইছে।
উল্লেখযোগ্য যে পাঞ্জাবাৰীৰ ৰ'দালি পথৰ হাউছ নম্বৰ ৫-ত দীর্ঘদিনৰ পৰা বাস কৰি আছিল চায়েৰা ৰহমান নামৰ এগৰাকী অকলশৰীয়া বৃদ্ধা। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী ৭৮ বছৰীয়া মহিলাগৰাকী তেওঁৰ অমায়িক আৰু শান্ত স্বভাৱৰ বাবে অঞ্চলটোত যথেষ্ট জনপ্ৰিয় আছিল। কিন্তু কালি বিয়লি ১২-৩০ বজাত আব্দুল আজিজ লস্কৰ নামৰ এজন জোনাবে চায়েৰা বহমানৰ ঘৰত প্রবেশ কৰে। আব্দুল আজিজ ঘৰটোলৈ সোমাই যোৱাৰ অলপ সময়ৰ পাছতে চায়েৰা ৰহমানৰ এক বিকট চিঞৰ প্রতিবেশীয়ে শুনিবলৈ পায়। পাছত আব্দুল আজিজে জানিবলৈ দিয়ে যে চায়েৰা ৰহমান হঠাতে অসুস্থ হৈ পৰিছিল আৰু তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। কিন্তু ওচৰ-চুবুৰীয়াই কোনো হস্পিটেলতে মহিলাগৰাকীৰ সম্পৰ্কত একো খবৰ নোপোৱাত আৰু তেওঁৰ কোনো মাত-বোল নুশুনাত সন্দেহবশতঃ দিছপুৰ আৰক্ষীক খবৰ দিয়ে।
দিছপুৰ আৰক্ষীয়ে চায়েৰা ৰহমানৰ ঘৰৰ দুৱাৰ খোলাৰ লগে লগেই ঘৰৰ ভিতৰত য'তে ত'তে তেজৰ ডোঙা প্রত্যক্ষ কবে আৰু দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি থোৱা অৱস্থাত মহিলাগৰাকীক প্রত্যক্ষ কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, ঘৰে ঘৰে কোৰান পঢ়ি ফুৰা আব্দুল আজিজ নামৰ জোনাবজনে মহিলাগৰাকীক হত্যা কৰিছিল। প্ৰথম অৱস্থাত হত্যাকাৰীটোৱে পলাইছিল যদিও দিছপুৰ আৰক্ষীয়ে আজি পলাশবাৰীৰ পৰা হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰে। অৱশ্যে, হত্যাৰ কাৰণ সম্পর্কত এতিয়াও জোনাবটোৱে মুখ খোলা নাই।