ৰাতিপুৱাৰ চাহ দিয়াত পলম হোৱাৰ বাবেই তৰোৱালেৰে পত্নীৰ মূৰ কাটিলে এজনে 

Jyoti Borah December 20, 2023

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ভোজপুৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চাহ একাপ দিয়াত দেৰি হোৱাৰ বাবে আৰম্ভ হোৱা কাজিয়াত এজন ৫২ বছৰীয়া ব্যক্তিয়ে পত্নীৰ মূৰ কাটি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

দৈনিক মজুৰি শ্ৰমিক ধৰমবীৰে পত্নী সুন্দৰীক দুবাৰ চাহ বিচাৰিছিল কিন্তু পত্নীয়ে আৰু কিছু সময় লাগিব বুলি কোৱাত ৰমবীৰ ক্ষোভত উঠি গৈছিল। ইয়াৰ পিছতে তিক্ত কাজিয়া আৰম্ভ হয়, য’ত ধৰমবীৰে তৰোৱাল উলিয়াই আনি পত্নীক পিছফালৰ পৰা আঘাট কৰাৰ অভিযোগ উত্থাপিত হৈছে। সুন্দৰী লগে-লগে মাটিত ঢলি পৰি মৃত্যু হয়।

গাজিয়াবাদৰ ডিচিপি (গ্ৰাম্য) বিবেক যাদৱে কয় যে সুন্দৰী ৰাতিপুৱা প্ৰায় ৬ বজাত সাৰ পাই পাকঘৰত চাহ বনাবলৈ আৰম্ভ কৰে। তেওঁ লগতে কয়, "কেইমিনিটমান পিছতে ধৰমবীৰ সাৰ পাই  আৰু তাইক চাহ একাপ দিবলৈ কয়। দম্পতীহালৰ চাৰিটা সন্তান তিনিটা ল'ৰা আৰু এজনী ছোৱালী আন এটা কোঠাত শুই আছিল।"

আৰক্ষী গৰাকীয়ে কয়, "প্ৰায় পাঁচ মিনিটৰ পিছত পুনৰ চাহ বিচাৰি ধৰমবীৰে টেৰেচৰ অস্থায়ী পাকঘৰলৈ লৰালৰিকৈ গ'ল। পত্নীয়ে চাহ হ'বলৈ আৰু ১০ মিনিট সময় লাগিব বুলি কোৱাত তেওঁৰ খং উঠিল আৰু বাচন-বৰ্তনবোৰ দ'লি মাৰি লৰালৰিকৈ তললৈ নামি তৰোৱাল লৈ উভতি যায়। সুন্দৰীয়ে চৌকাত চাহ বনাই থকাৰ সময়তে তেওঁ তাইক  পিছফালৰকৰা  প্ৰহাৰ কৰে বুলি বিষয়াজনে জনায়। আৰু কয়, "তাইৰ কান্দোনত টোপনিৰ পৰা সাৰ পাই  ল'ৰা-ছোৱালীকেইটাই টেৰেচলৈ লৰালৰিকৈ গৈ মাকক বচাবলৈ চেষ্টা কৰে। কিন্তু ধৰ্মবীৰে তেওঁলোকৰ ওপৰতো তৰোৱালখন জোকাৰি দিলে। ভয়তে তেওঁলোক নিজৰ কোঠালৈ উভতি গ'ল।" দম্পতীহালৰ পুতেকে পুলিচক মাতিলে..পুতেকৰ মতে "ধৰমবীৰে চাহক লৈ প্ৰায়ে কাজিয়া কৰিছিল।দিনটোত কমেও ৫-৬ বাৰ চাহ খোৱাৰ অভ্যাস আছিল ধৰমবীৰৰ ।সুন্দৰীয়ে  যদি ইমানবাৰ চাহ বনাবলৈ অস্বীকাৰ কৰিছিল ধৰমবীৰে তাইক গালি-গালাজ পাৰিছিল। কিন্তু কেতিয়াও ধৰমবীৰক মাকক আঘাত কৰা দেখা নাছিল।
আৰক্ষীয়ে জনোৱা মতে, ধৰমবীৰে পুলিচ অহালৈকে মৃতদেহৰ কাষত কান্দি কান্দি বহি আছিল। গ্ৰেপ্তাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। "মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যৰ এজাহাৰৰ ভিত্তিত আইপিচিৰ ৩০২ (হত্যা) ধাৰাত ধৰমবীৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। তেওঁক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হয়।" 
 

Share This