ডিজিটেল ডেস্ক: ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ধর্মীয়, সামাজিক, সাংস্কৃতিক তথা গণতান্ত্রিক অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ ৫৫খন জিলা শাখাৰ অন্যতম জিলা শাখা তেজপুৰ জিলা শাখাৰ আতিথ্যত জামুগুৰিহাটৰ ধলাইবিলস্থিত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত অনুষ্ঠিত ৯৫ সংখ্যক বার্ষিক অধিৱেশনস্থলী কালি অন্তিম দিনাও লোকাৰণ্য হৈ পৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ চৌদিশৰ পৰা আৰু ভাৰতবৰ্ষৰ লোক-নৃত্য, বাদ্যযন্ত্র, শংকৰী কলা, সত্ৰীয়া নৃত্য, ভাওনাৰ চৰিত্ৰ প্ৰদৰ্শন কৰা শোভাযাত্ৰাত বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জুবিনৰ গান- ৰৈ বৈ বিনালে, গানে কি আনে আদি গীতৰ প্লে-কার্ড, ২৭০ বছৰীয়া বোকাখেচা ভাওনা, কালীয়দমন ক্ষেত্ৰৰ ভাওনা, চতিয়া উশ্বু মিচনেৰী দল, গোর্খা সম্প্ৰদায়ৰ মাৰুতী নৃত্য, মিচিং সাংস্কৃতিক দল, হাজং সাংস্কৃতিক দল, গাৰো সাংস্কৃতিক দল, বেংগলী কৃষ্টি দল, নিচি সাংস্কৃতিক দল, ভাৰত ত্যাগ আন্দোলন, গছ সুৰক্ষা বা সজাগতা প্রদর্শন কৰি, পৰম্পৰাগত বাদ্যৰ প্ৰয়োগ, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্রহণে জাতি-জনগোষ্ঠৰ মাজত একতা আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনে।
শোভাযাত্রাটো জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা জামুগুৰিহাটৰ পাঞ্চজন্য নামঘৰ পথেৰে মধুপুৰ, বগাকুৰা, পানীগাঁও হৈ প্রায় ১০ কিল'মিটাৰ পথ অতিক্ৰম কৰি পুনৰ অধিৱেশনস্থলীত উপস্থিত হয়। আনহাতে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই। মুকলি সভা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা কমলা কান্ত গগৈয়ে। প্রধান সম্পাদকৰ প্রতিবেদন পাঠ কৰে কুশল ঠাকুৰীয়াই। পদাধিকাৰৰ অভিভাষণ পাঠ কৰে পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই।
জ্ঞানী যশবীৰ সিঙে অসমীয়া শিখ সমাজৰ হৈ পদাধিকাৰ ভবেন্দ্রনাথ ডেকাক 'শ্রেষ্ঠত্বৰ সন্মান' প্রদান কৰে। এই সম্মানৰ লগত আছিল এটা পাগুৰী, গ্ৰন্থ চাহেব আৰু চৰুৱা এটা। তেওঁ লগতে উপস্থিত অতিথিসকলকো চৰুৱাৰে সন্মান জনায়। শ্রীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ৰজনীকান্ত দত্ত নির্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত নাৰায়ণপুৰ-বিহপুৰীয়া জিলাৰ দৰ্শিত বৰুৱা শিশু বক্তা আৰু যুৱ বক্তা হিচাপে, শিৱসাগৰ জিলাৰ অনির্বাণ চেতিয়া আৰু যোৰহাট জিলাৰ মৌচুমী বৰুৱাই আই-মাতৃ বক্তা হিচাপে দিয়া ভাষণে সকলোকে মুগ্ধ কৰে।
মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বিহালীৰ দিগন্ত ঘাটোৱাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, বিধায়ক পদ্ম হাজৰিকা, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ৰাণা প্রতাপ বৰুৱা, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া আদিয়ে অংশগ্রহণ কৰে। সন্ধিয়া ৫-৩০ বজাত 'জয় জয় ৰাম, জয় শ্রী ৰাম' নাম আৰু জয় শ্রী মন্ত শংকৰদেৱ সংঘ' ধ্বনিৰে প্রধান সম্পাদকে পতাকা অৱনমন কৰি শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বার্ষিক অধিৱেশনৰ বাবে লখিমপুৰ জিলা শাখাক পতাকা অর্পণ কৰে। পতাকা অৱনমনৰ পাছতে অধিৱেশনৰ সফল সমাপ্তি ঘোষণা কৰা হয়।
আনহাতে সন্ধিয়া ৬ বজাত মূল মঞ্চত বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰাক্তন উপ-সচিব সমীৰণ জ্যোতি হাজৰিকাই ইফালে অধিৱেশনৰ পূৰ্বে বিভিন্ন জিলাৰ পৰা আহি শশ অস্থায়ী শিবিৰত কটোৱা বাপ-বান্ধব, আইমাতৃসকলে কালি অন্তিম দিনটোত কিছু আৱেগিক হৈ পৰাও পৰিলক্ষিত হয়। প্ৰাণৰ অনুষ্ঠানটোত কটোৱা সময়খিনিৰ কথা সুঁৱৰি কালি নিশা আৰু আজি পুৱাই জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ এৰাৰ শোকত বাৰুকৈয়ে ভোগা দেখা গ'ল।
আনহাতে বিভিন্ন স্থানৰ পৰা আহি প্রায় ২০ হাজাৰ সেৱা বাহিনীৰ সদস্যৰ শিবিৰতো একেই বেথা। নিষ্ঠা আৰু ভক্তি ভাবেৰে সেৱা আগবঢ়াই অনুষ্ঠানটোক সোণত সুৱগা কৰি তোলা এইসকল সেৱা বাহিনীৰ সদস্যয়ো কালি অধিৱেশনৰ অন্তিম দিনটোত আৱেগিক হৈ পৰা দেখা গ'ল। ভক্তি ৰসেৰে জীপাল হৈ থকা জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্র কালি নিশা নিজম পৰাত আৱেগিক হৈ পৰিল আদৰণী সমিতি তথা শতাধিক উপ-সমিতি। কালি নিশা শশ লোকে প্রতিনিধি শিবিৰ ত্যাগ কৰি ঘৰমুখী হোৱা পৰিলক্ষিত হয়। ইফালে বিগত ডেৰ মাহৰো অধিক সময় তেজপুৰ জিলা শাখাৰ লগতে বৃহত্তৰ জামুগুৰিবাসী ৰাইজে যি ত্যাগ-কষ্ট স্বীকাৰ কৰি অধিৱেশনখন সফল কৰিবলৈ যুঁজ দিছিল, সেই সকলোলৈকে বিশেষভাৱে কৃতজ্ঞতা জনাইছে আদৰণী সমিতিয়ে।