হাজোৰ সাতদলাত নিচামুক্তি কেন্দ্ৰ ভাঙি ওলাই আহিল যুৱকৰ দল

Kakali Deka April 27, 2025

ডিজিটেল ডেস্কঃ ধন ঘটাৰ লালসাৰে ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে একাংশ নিচা মুক্তি কেন্দ্ৰ। এই নিচা মুক্তি কেন্দ্ৰ সমূহত চিকিৎসাৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। কিয়নো নিচা মুক্তি কেন্দ্ৰত আছে মুন্নাভাই MBBS ৰূপী চিকিৎসক। 

অসুখ যিয়েই নহওক কিয় হাজো সাতদলাৰ নিচামুক্তি কেন্দ্ৰত আছে তেনে ধৰণৰ চিকিৎসক। জনৈক জিতু, আফচাৰ আৰু বিক্ৰম মালিকানাধীন সাতদলাৰ এই নিচা মুক্তি কেন্দ্ৰটোৰ গৰাকী। তেওঁলোকৰ আছে আন এক পৰিচয়ো। কেন্দ্ৰটোৰ মালিক হোৱাৰ উপৰি তিনিগৰাকী মুন্নাভাই ৰূপী চিকিৎসকে কেন্দ্ৰটোত থকা ৰোগীসকলক যিকোনো বেমাৰৰ বেজি দিয়াত পাৰ্গত। 

অভিযোগ অনুসৰি কেন্দ্ৰটোৰ ৰোগীসকলক দৈনিক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। দৈনিক শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি নিচামুক্তি কেন্দ্ৰৰ পৰা পলায়ন কৰে ৰোগী সকলে। ইয়াৰে এজন ৰোগীক মুমূৰ্ষু অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছে। 

সম্প্ৰতি যুৱক জনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে পৰিয়ালবৰ্গই। সাতদলাৰ নিচা মুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় কেন্দ্ৰটোৰ ৰোগীসকলক শাৰীৰিক অত্যাচাৰ দৈনিক চলাই কৰ্তৃপক্ষই। যাৰবাবে প্ৰাণৰ মমতাত পলায়ন কৰিছে চিকিৎসাধীন হৈ থকা ৰোগীসকলে।

Share This