১৫ দিনলৈ বন্ধ চানমাৰি ফ্লাইঅ'ভাৰৰ এটা ট্ৰেক

dainik janambhumi January 25, 2026

ডিজিটেল ডেস্ক: কালি নিশাৰে পৰা ১৫ দিনৰ বাবে চানমাৰি ফ্লাইঅ'ভাৰৰ পথৰ এটা ট্রেক বন্ধ থাকিব। নুনমাটি-গুৱাহাটী ক্লাব সংযোগী নির্মীয়মাণ ফ্লাইঅ'ভাৰখন চানমাৰি ফ্লাইঅ'ভাৰৰ সৈতে সংযোগ কৰাৰ কামৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে। সেয়ে অহা ২০ ফেব্ৰুৱাৰীলৈকে চানমাৰি ফ্লাইঅ'ভাৰৰ এটা ট্রেকেৰেহে যান-বাহনসমূহ চলাচল কৰিব লাগিব। 

প্রথম ১৫ দিনৰ বাবে চানমাৰিৰ পৰা জু-তিনিআলিলৈ অহা ট্রেক খোলা থাকিব আৰু কমাৰ্চৰ পইণ্টৰ পৰা চানমাৰি অভিমুখে যোৱা ট্রেক বন্ধ থাকিব। ১৫ দিনৰ পাছত ব্যৱস্থাটো পুনৰ পৰিৱৰ্তন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত চানমাৰিৰ পৰা জু-তিনিআলিলৈ যোৱা ট্রেক বন্ধ ৰাখি কমাৰ্চৰ পইণ্টৰ পৰা চানমাৰি অভিমুখে যোৱা ট্রেক খুলি দিয়া হ'ব। এই সন্দর্ভত মহানগৰ জিলা আযুক্ত কার্যালয়ত কালি এখন সংবাদমেলৰ আয়োজন কৰি জিলা আয়ুক্ত আৰু মহানগৰ যান-বাহন শাখাৰ ডি চি পিয়ে এই কথা অৱগত কৰে। এই সময়ছোৱাত সাধাৰণ নাগৰিকক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই যান-বাহন আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। 

সংবাদমেলত তেওঁলোকে উল্লেখ কৰা অনুসৰি জি এন বি পথৰ ফ্লাইঅ'ভাৰৰ নিৰ্মাণৰ কাম বৰ্তমান চলি আছে আৰু নৱনির্মিত ফ্লাইঅ'ভাৰখন বৰ্তমানৰ চানমাৰি ফ্লাইঅ'ভাৰৰ সৈতে একত্ৰিত কৰা হ'ব। গতিকে উন্নয়নৰ সুবিধাৰ বাবে আৰু ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত বৰ্তমানৰ চানমাৰি ফ্লাইঅ'ভাৰৰ ওপৰেৰে যান-বাহনৰ চলাচল সীমিত কৰা হ'ব। চানমাৰি ফ্লাইঅ'ভাৰত যান-বাহনৰ চলাচল বিকল্পভাৱে লেন অনুসৰি বন্ধ কৰা হ'ব। প্ৰতিটো লেন ১৫ দিনৰ বাবে বন্ধ থাকিব। নিৰ্মাণৰ সময়সীমা ৩০ দিন ধার্য কৰা হৈছে। এই সময়ছোৱাত যাত্রীসকলক যিমান দূৰ সম্ভৱ এই পথটো এৰাই চলি যান-বাহনৰ চলাচল মসৃণ কৰি তুলিবলৈ বিকল্প পথসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। 

উল্লেখযোগ্য যে যান-বাহনৰ চলাচলৰ সুবিধাৰ বাবে কেতবোৰ বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি চিৰিয়াখানা পথৰ ফালৰ পৰা অহা বাহনসমূহ অপূর্ব সিনহা পথ হৈ ৰাজগড় ৰ'ডৰ ফালে বা পোনপটীয়াকৈ ৰাজগড় ৰ'ড হৈ যাব পাৰিব। ৰাজগড় পথৰ পৰা যাত্ৰীসকলে দক্ষিণ শৰণীয়া পথ, জি এছ ৰ'ড, ড° বি বৰুৱা ৰ'ড হৈ জি এন বি ৰ'ডেৰে যাব পাৰিব। তেনেদৰে চানমাৰিৰ ফালৰ পৰা অহা বাহনসমূহ এম আৰ ডি ৰ'ড হৈ বামুণীমৈদামৰ ফালে যাব পাৰিব। এম আৰ ডি ৰ'ডৰ পৰা অহা বাহনসমূহ ৰে'লৱে কলনি ৰ'ড হৈ বা নুনমাটি, মঠঘৰীয়া হৈ হাতীগড় চাৰিআলিলৈ যাব পাৰিব। ইয়াৰ উপৰি চানমাৰিত যান-জঁট হ্রাস কৰিবলৈ সকলো চিটিবাছক পথৰ বাওঁফালৰ লেনত চলাচল কৰিবলৈ তথা অ'ভাৰটেকিঙৰ পৰা বিৰত থাকি লেন অনুশাসন বজাই ৰাখিবলৈ কঠোৰভাৱে নির্দেশ দিয়া হৈছে।

Share This