ডিজিটেল ডেস্ক : এতিয়া বিবাহৰ বতৰ। বজালীত আজি সম্পন্ন হোৱা এখন ব্যতিক্রমী বিবাহে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। বিবাহ আহিলে যিকোনো পৰিয়ালতে গা-মন সাতখন-আঠখন লগাৰ নিচিনাকৈ এটি পৰিয়ালৰ নহয়, এখন ভৰপূৰ গাঁৱৰ ৰাইজ আনন্দত মতলীয়া হৈ পৰে। এই ব্যতিক্রমী বিয়াখন কালি সম্পন্ন হয় বজালীৰ মেধিকুছিত। পাঠশালা নগৰৰ পৰা প্ৰায় ৫ কিল'মিটাৰ নিলগৰ পহুমাৰা নৈৰ নৈসর্গিক পৰিৱেশেৰে আবৃত গাঁও মেধিকুছি। বিগত দুবছৰ পূৰ্বে পহুমাৰা নৈৰ বানে বিধ্বস্ত কৰা গাঁওখনৰ ৰাইজে কালি অনুষ্ঠিত কৰে এখন ব্যতিক্ৰমী বিবাহৰ। বয়সৰ লেখেৰে ২৭ বছৰত ভৰি দিয়া কিন্তু আপুনি-মই ভবাৰ দৰে দুটি মানৱ শৰীৰ একাকাৰ হৈ যোৱাৰ লক্ষ্য আৰু সামাজিক স্বীকৃতি আদায়ৰ বাবে পতা সেইখন বিয়া নহয়।
এই বিয়াখন হৈছে এজোপা আঁহত আৰু বট গছৰ মাজত। যদিও গছবিবাহ অনুষ্ঠিত হৈছে তথাপি বিয়াখনত নাছিল কি? অসমীয়া পৰম্পৰাগত বিবাহৰ ৰীতি অনুসৰি পানী তোলা পর্ব, আখৈ ভজা, কইনাক জোৰোণ পিন্ধোৱা, ব্ৰাহ্মণৰ মন্ত্রোচ্চাৰণেৰে হোম পুৰি কইনাক দৰাৰ হাতত সমর্পণ কৰা, দৰা-কইনাক আশীর্বাদ দিবলৈ আহি উপস্থিত হোৱা অভ্যাগতসকলক জলপানেৰে আপ্যায়ন কৰা, আয়তীসকলৰ উৰুলি ধ্বনি, একোৱেই বাদ পৰা নাছিল বিয়াখনত। আনহাতে, বিয়াখনৰ বাবে প্রয়োজনীয় ধন গঞা ৰাইজে স্বেচ্ছাই আদায় দিছিল। উল্লেখযোগ্য যে সম্পন্ন হোৱা ব্যতিক্রমী বিয়া উপলক্ষে কালি পুৱাৰে পৰা মেধিকুছি গাঁৱত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। ছাউণ্ড ছিষ্টেমত পুৱাৰে পৰা বাজি থকা বিয়া নাম আৰু জনপ্রিয় অসমীয়া গীতৰ লগতে অসমীয়া পৰম্পৰাগত বিবাহোৎসৱৰ সংগী বেণ্ডপাৰ্টিৰ বাজনা আৰু পহুমাৰা নৈৰ কল কল ধ্বনিৰ মাজেৰে বৈ অহা মৃদু চেঁচা বতাহৰ মাজৰ নান্দনিক পৰিৱেশত অঞ্চলটোৰ জীয়ৰী-বোৱাৰীহঁতে মুগাৰ ৰিহা-মেখেলা পৰিধানৰ লগতে কিশোৰ-কিশোৰীহঁতে নতুন কাপোৰ পিন্ধি পহুমাৰা নদীৰ ঘাটৰ পৰা পানী তুলিবলৈ যোৱা দৃশ্যই অঞ্চলটোক এক অনন্য মাত্রা প্রদান কৰে।
বিয়াখনৰ উৎপত্তিৰ বিষয়ে জানিবলৈ দি কালিৰ বিবাহ অনুষ্ঠানত কন্যা দায়গ্রস্ত পিতৃৰ ভূমিকা লোৱা অঞ্চলটোৰ বাসিন্দা দুৰ্গেশ্বৰ তালুকদাৰে কয় যে প্রায় ২৭ বছৰ পূৰ্বে কোনোবাই আনি পহুমাৰা নৈৰ মেধিকুছিত ওচৰা-উচৰিকৈ ৰোপণ কৰা আঁহত আৰু বট গছৰ পুলি দুয়োটাই ক্রমান্বয়ে ডাঙৰ হৈ অহাত গছপুলি দুয়োটাৰ সুৰক্ষা আৰু ঠাইখিনিৰ স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থতে দুয়োডাল গছতে ৰঙা ফিতাৰে মেৰিয়াই অঞ্চলটো সুৰক্ষিত ঘোষণা কৰা হয়। তাৰ পাছতে দুয়োডাল গছপুলিয়ে পোখাৰে সৈতে বৃক্ষৰূপ ধাৰণ কৰাত কালি এনেদৰে ব্যতিক্ৰমীৰূপত বিবাহ কার্য সম্পন্ন কৰা হয়।