অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ

Rashmi July 14, 2025

ডিজিটেল ডেস্কঃ গোৱালপাৰাত উচ্ছেদপীড়িত মহিলাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি এতিয়া  বিপদত বিধায়ক অখিল গগৈ । এগৰাকী অচেতনপ্ৰায় মহিলাক স্পৰ্শ কৰাৰ বাবে অভিযোগ উত্থাপন এগৰাকী মহিলাৰ। 

নাং লাকী গগৈ নামৰ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত দাখিল কৰিছে গোচৰ । উল্লেখযোগ্য যে ধুবুৰীৰ চাপৰত চৰকাৰে চলোৱা বিশাল উচ্ছেদ অভিযানৰ পিছত ঘৰ-বাৰী হেৰুৱাই পেলোৱা লোকসকলৰ অস্থায়ী আশ্ৰয়স্থলীত খবৰ লৈছিল বিধায়ক অখিল গগৈয়ে ৷ 

সেই স্থানতে তেওঁ বিভিন্নজনক সাবটি ধৰি সহমৰ্মিতা প্ৰকাশ কৰিছিল । ইয়াৰ মাজতে এগৰাকী বয়সস্থ মহিলাক কপালত বিধায়ক গগৈয়ে চুমা খোৱা এখন ফটো আৰু এগৰাকী শোকত বাগৰি পৰি থকা মহিলাক মূৰটো আনি নিজৰ কোলাত তুলি লোৱা দৃশ্যৰ এটি ছুটী ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চালৈ আহে ৷ এই ভিডিঅ’টোকে লৈ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে তৰিলে গোচৰ । 


অৱশ্যে এই প্ৰসংগত বৰ্তমানলৈ অখিল গগৈয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । অখিল গগৈৰ বিৰুদ্ধে তেওঁ নিজৰ যুক্তি সামাজিক মাধ্যমত এইদৰে প্ৰকাশ কৰিছে — “ছ’চিয়েল মিডিয়াত viral ভিডিঅ' এটাত অখিল গগৈৰ অনুচিত আৰু অতি বিৰক্তিকৰ কাৰ্য দেখা পাই তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছোঁ । ভিডিঅ’টোত অখিল গগৈয়ে এগৰাকী অৰ্ধচেতন / অচেতন মহিলাক কোলাত টানি আনি স্পৰ্শ কৰি থকা দেখা গৈছে । এটা কথা স্পষ্ট যে মহিলাগৰাকী কোনো সন্মতি দিব পৰা অৱস্থাত নাই । 

এনে আচৰণ গভীৰভাৱে চিন্তনীয় আৰু সম্ভাব্য অপৰাধমূলক প্ৰকৃতিৰ । সেই বাবে মই আয়োগক অনুৰোধ জনাইছোঁ যে বিষয়টো গুৰুত্ব সহকাৰে লৈ ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰক, জড়িত মহিলাগৰাকীৰ ন্যায় নিশ্চিত কৰক, অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰক।”

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This