ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংক্ৰমণ জাপানী এনকেফেলাইটিছৰ। ৰূপহীহাটৰ কাছখাইতী গাঁৱৰ ২৫ বছৰীয়া যুৱকৰ জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু।
১৫ দিন GMCH ত চিকিৎসাধীন হৈ মৃত্যুক আঁকোৱালি লয় আনোৱাৰ হুছেইন নামৰ যুৱকজনে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও কাছখাইতীৰ পাৰ্শ্বৱতী অঞ্চল শ'লমাৰী গাঁৱতো এজন বৃদ্ধ লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।
শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ অঞ্চলসমূহত স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
দুজনকৈ লোকৰ জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ঘটনাত শংকিত হৈ পৰিছে অঞ্চলবাসী। স্থানীয় ৰাইজে ৰাজ্য চৰকাৰলৈ আহ্বান জনাই যাতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা জাপানী এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধ কৰাৰ কি কি ব্যৱস্থা আছে সেইসমূহৰ দ্বাৰা
স্বাস্থ্য বিভাগক নিৰ্মূল কৰিবলৈ ৰাইজে আহ্বান জনাইছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল