আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎপৃষ্ট এজন যুৱক

Kakali Deka July 15, 2025

ডিজিটেল ডেস্ক: বৈদ্যুতিক খুটাঁত উঠি বিদ্যুৎ সংযোগ কৰা অৱস্থাতেই বিদ্যুৎপৃষ্ট হয় এজন যুৱক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম ৰিতুৰাজ চুতীয়া ।

ক্ষেত্ৰধৰ বুঢ়াগোহাঁই নামৰ লাইনমেনৰ লগত বিদ্যুতৰ মেৰামতিৰ কামত নিয়োজিত হৈ আছিল যুৱকজন । যুৱকজন বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী আছিল। ২০ ফুট উচ্চতাৰ বৈদ্যুতিক খুঁটাৰ পৰা উফৰি তলত পৰে যুৱকজন। 

হাত আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱকজন। যুৱকজনক ততাতৈয়াকৈ স্থানীয় লোকে শিৱসাগৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰে।

আমগুৰি বৈদ্যুতিক উপসংমণ্ডলৰ অধীনস্থ নামতি চাৰিআলিত সংঘটিত এই ঘটনাই বিদ্যুৎ বিভাগৰ গাফিলতিৰ চূড়ান্ত ছবিখন ফুটাই তুলিছে। 

ক্ষেত্ৰধৰ বুঢ়াগোহাঁই নামৰ লাইনমেনৰ গাফিলতি নে নামতি চাৰিআলি কন্ট্ৰলৰূমৰ গাফিলতিত অস্থায়ী কৰ্মচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল সেয়া বিভাগীয় তদন্ততহে পোহৰলৈ আহিব।

Share This