শিলিগুৰিৰ এন আৰ এলৰ মার্কেটিং টার্মিনেল অসমলৈ স্থানান্তৰ কৰক, প্রধানমন্ত্রীলৈ আম আদমি পাৰ্টিৰ দাবী

dainik janambhumi September 12, 2025

ডিজিটেল ডেস্ক : ঐতিহাসিক ছয় বছৰীয়া ৰক্তাক্ত অসম আন্দোলনৰ ফলত প্রতিষ্ঠা লাভ কৰা নুমলীগড় শোধনাগাৰ লিমিটেডে প্রকৃতার্থত এশ শতাংশই অসমৰ স্বাৰ্থত কাম কৰিব লাগিব। ইয়াত উৎপাদিত তৈল সামগ্ৰীৰ পৰা পাব লগীয়া কৰ, শুল্ক আদিৰ পৰা অসমক বঞ্চিত কৰিলে সি চূড়ান্ত অন্যায় কৰা হ'ব। এই মন্তব্য আম আদমী পার্টি, অসমৰ। বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত আম আদমী পার্টি, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীৱ শইকীয়াই কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু শোধনাগাৰ কৰ্তৃপক্ষৰ ভুল সিদ্ধান্তৰ বাবেই আজি ২৫ বছৰে কিছুমান লাভালাভৰ পৰা অসম বঞ্চিত হৈ আহিছে। নুমলীগড় শোধনাগাৰৰ মার্কেটিং টার্মিনেল পশ্চিম বংগৰ শিলিগুৰিত স্থাপন কৰা ফলত অসম বিক্ৰী কৰৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি বিবৃতিটোত আপৰ নেতাজনে অভিযোগ কৰি কয় যে ইয়াৰ দ্বাৰা অসমক অন্যায় কৰা হৈছে। 

প্ৰধানমন্ত্ৰীৰ আগন্তুক নুমলীগড় শোধনাগাৰ ভ্ৰমণ কালত শোধনাগাৰৰ মার্কেটিং টার্মিনেল শিলিগুৰিৰ পৰা অসমলৈ স্থানান্তৰৰ কথা ঘোষণা কৰিবলৈ আম আদমী পার্টিয়ে বিবৃতিটোৰ যোগেদি দাবী জনাইছে। আনহাতে, নুমলীগড় শোধনাগাৰত যাতে চিৰদিন আৰু চিৰকালৰ বাবে অসমৰ থলুৱা নিবনুৱা যুৱক-যুৱতীসকলৰ সংস্থাপনৰ বাট বন্ধ কৰা নহয়, আঁচনি আৰু পৰিকল্পনা যুগুত কৰোঁতে সেই বিষয়ৰ প্ৰতি বিশেষ আৰু কঠোৰ দৃষ্টি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে আম আদমী পার্টি, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে। 

তেওঁ কয় যে নুমলীগড় শোধনাগাৰ লিমিটেডে সদায় অসমৰ থলুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ এক লাভজনক প্রতিষ্ঠান হিচাপে পৰিচয় অক্ষুণ্ণ ৰাখিব লাগিব। সেই দায়িত্ব শোধনাগাৰ কৰ্তৃপক্ষৰ।- আপৰ নেতাজনে এইদৰে কয়।

Share This