চক্ৰ বিষয়া নে মাটিৰ দালাল? নথি-পত্ৰত বিসংগতি ধৰা পৰিলেই পুনৰ গ্ৰেপ্তাৰ হ’ব ACS নূপুৰ বৰা

Rashmi December 15, 2025

ডিজিটেল ডেস্ক: চক্ৰ বিষয়া নে মাটিৰ দালাল আছিল ACS নূপুৰ বৰা? চাকৰিত যোগদানৰ পাছৰে পৰা গ্ৰেপ্তাৰ হোৱা পৰ্যন্ত কেৱল ভূমি জালিয়াতিতে নামিছিল নূপুৰ বৰা।

নূপুৰৰ বিৰুদ্ধে বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই CMVত দাখিল কৰিলে এজাহাৰ। এজাহাৰৰ ভিত্তিত তদাৰকী কোষত ৰুজু হৈছে ৩২/২৫ত গোচৰ। 

অৰ্ধ শতাধিকলোকৰ ভূমি জালিয়াতিৰে নামজাৰি কৰাৰ অভিযোগ নূপুৰৰ বিৰুদ্ধে।  লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমিসমূহ কৰিছিল নামজাৰি। 

CM vigilanceৰ তদন্তত পোহৰলৈ আহিছে এই সমূহ বিস্ফোৰক তথ্য। আনহাতে বৰপেটাত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে চলাইছে অভিযান। 

অভিযানত প্ৰায় সন্দেহজনক ৭০গৰাকী ব্যক্তিৰ ভূমি নথি জব্দ কৰিছে CM vigilanceয়ে। জব্দকৃত ভূমিৰ নথিপত্ৰ পুনৰীক্ষণৰ বাবে CM vigilanceয়ে প্ৰেৰণ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ।

নথি-পত্ৰত বিসংগতি ধৰা পৰিলেই পুনৰ গ্ৰেপ্তাৰ হ’ব নূপুৰ বৰা।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This