তেজপুৰত নটসূৰ্য ফণী শৰ্মা বঁটাপ্রাপক ভোলা কলিতাৰ ওপজা দিন পালন, অভিনেত্রী বীণা পটংগীয়াক 'ভোলা কলিতা সোঁৱৰণী বঁটা' প্রদান

dainik janambhumi March 01, 2026

ডিজিটেল ডেস্ক: নটসূর্য ফণী শৰ্মা বঁটাপ্রাপক তেজপুৰৰ বিশিষ্ট মঞ্চ আৰু ভাওনা শিল্পী, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্রাক্তন সভাপতি, আদর্শ কৃষক আৰু দক্ষ খেলুৱৈ ভোলা কলিতাৰ কালি ১০০সংখ্যক ওপজা দিনত তেজপুৰৰ বিদ্বৎ সমাজে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত অনুষ্ঠিত বিশেষ শ্রদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট মঞ্চ আৰু চলচ্চিত্র অভিনেত্রী বীণা পটংগীয়াক 'ভোলা কলিতা সোঁৱৰণী বঁটা' প্ৰদান কৰা হয়। 

তেজপুৰ সাহিত্য সভা ভৱনত তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি দাস আৰু বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠান আৰম্ভ হয় বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীৰ আদৰণী ভাষণেৰে। 

বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়ায় জিতুমণি দেৱচৌধুৰীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰি বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা প্রাবন্ধিক ঐশ্বর্য্য কাকতিয়ে ভোলা কলিতাৰ বিশেষ স্মৃতিচাৰণ কৰে। ইয়াৰ পাছতেই সভাপতিদ্বয় আৰু বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিৰ লগতে আন অতিথিসকলৰ লগতে ভোলা কলিতাৰ সহধর্মিণী নৰেশ্বৰী কলিতা, দুই শিল্পী পুত্ৰ হীৰকজ্যোতি কলিতা, বিকাশজ্যোতি কলিতা, কন্যা চয়নিকা কলিতা, নয়নিকা কলিতা, বোৱাৰী আল্পনা বৰা আৰু বুলি কলিতাৰ জৰিয়তে তেজপুৰৰ বিধায়ক তথা নাট্যশিল্পী পৃথ্বিৰাজ ৰাভাই গামোচা, শ্বল, বিশেষ স্মাৰক, বিশেষ বঁটা, প্রশক্তি পত্ৰ আৰু নগদ ধনেৰে বিশিষ্ট মঞ্চ আৰু চলচ্চিত্র, অভিনেত্রী বীণা পটংগীয়াক 'ভোলা কলিতা সোঁৱৰণী বঁটা' প্ৰদান কৰে। 

অনুষ্ঠানত মুখ্য অতিথি উপস্থিত থকা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভোলা কলিতাৰ অভিনয় প্রতিভা একক আৰু অনন্য আছিল বুলি মন্তব্য কৰি বাণ থিয়েটাৰৰ মঞ্চৰ লগতে - বিভিন্ন নামঘৰৰ ভাওনাসমূহত ৰূপায়ণ কৰা বিভিন্ন চৰিত্ৰত কৰা বলিষ্ঠ - অভিনয়ৰ প্ৰসংগ উল্লেখ কৰে। 

আনহাতে, বিশিষ্ট' অভিনেতা তথা বাণ - থিয়েটাৰৰ উপ-সভাপতি মৃগেন চন্দ্র বঢ়াই ভোলা কলিতাই বিভিন্ন ভাওনা আৰু মঞ্চ নাটকত অতি দক্ষতাৰে ৰূপায়ণ কৰা শকুনিৰ প্ৰতিশোধ নাটকৰ দুর্যোধনৰ এটি সংলাপ পৰিৱেশন কৰাৰ লগতে বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ-সুৰকাৰ বংকিম শৰ্মাই কেতেকীবাৰী গাঁৱৰ এগৰাকী আদর্শ কৃষক হিচাপে খেতিপথাৰৰ পৰা নামঘৰৰ ভাওনা, বাণ থিয়েটাৰৰ মজিয়া স্পৰ্শ কৰি কৃষি পথাৰৰ পৰা শিল্পকলা ক্ষেত্ৰখনৰ বিকাশ আৰু উত্তৰণৰ বাবে নিৰলসভাৱে সাধনা অব্যাহত ৰাখিছিল বুলি মন্তব্য কৰে। 

তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে শলাগ জ্ঞাপন কৰা আৰু ভোলা কলিতাৰ জ্যেষ্ঠ শিল্পী পুত্ৰ হীৰকজ্যোতি কলিতাই পিতৃৰ জীৱন-দৰ্শন আৰু কৰ্মনিষ্ঠা আলোকপাত কৰা অনুষ্ঠানত বঁটাপ্ৰাপক বীণা পটংগীয়াই নিজৰ অনুভৱ ব্যক্ত কৰে।

Share This