গুৱাহাটী প্ৰেছ ক্লাবৰ এইমাহৰ অতিথি অনুষ্ঠানত অভিনেত্রী সুহাসিনী মূলে 'বৰ্তমান দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতাত আক্রমণ হৈছে

dainik janambhumi January 12, 2026

ডিজিটেল ডেস্ক: ইংৰাজী নৱবৰ্ষ ২০২৬ ৰ দ্বিতীয়টো দেওবাৰে উখল-মাখল হৈ পৰে গুৱাহাটী প্ৰেছ ক্লাব-বাকৰি। গুৱাহাটী প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি আৰু প্ৰাক্ ভোগালী সাংবাদিকৰ আড্ডা অনুষ্ঠানেৰে মুখৰ হ'ল গুৱাহাটী প্ৰেছক্লাব। 

দেওবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাবৰ 'এই মাহৰ অতিথি' শিতানত উপস্থিত থাকে ৫ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা বিজয়ী দেশৰ বিশিষ্ট অভিনেত্রী সুহাসিনী মূলে। গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং, জাপি, শৰাই আৰু প্রশস্তি পত্ৰৰে তেওঁক সম্বর্ধনা জনোৱা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই আঁত ধৰা অনুষ্ঠানটিত অভিনেত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ অনুগ্ৰহত 'অপৰূপা' ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰাৰ বিশেষ অভিজ্ঞতা ৰোমন্থন কৰে। 

আনহাতে, উপস্থিত সাংবাদিকসকলৰে হোৱা মত-বিনিময়ত সাম্প্রতিক সময়ত দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতাত আক্রমণ হৈছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। আজিকালি শাসকক প্রশ্ন কৰিলেই সাংবাদিকক গ্ৰেপ্তাৰ, প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰা হয় বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। তদুপৰি বৰ্তমান সময়ত একাংশ ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ টক শ্ব'ৰ মান ক্ৰমাৎ নিম্নগামী হোৱা বুলি মন্তব্য কৰে। অনুষ্ঠানত অভিনয় জগতৰ বহু অভিজ্ঞতা সাংবাদিকসকলৰ আগত ব্যক্ত কৰাৰ লগতে আগন্তুক দিনত এখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰাৰ সপোন থকা বুলিও উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে। এই অনুষ্ঠানৰ পাছতে প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হয় 'প্রাক্ ভোগালী সাংবাদিকৰ আড্ডা' শীর্ষক এটি মনোগ্রাহী অনুষ্ঠান। সংবাদ সংগ্রহত অহৰহ ব্যস্ত থকা সাংবাদিক/সংবাদকর্মীসকলৰ অৱসাদ দূৰ কৰাৰ মানসেৰে তথা সাংবাদিকসকলৰ মাজত থকা বিভিন্ন প্রতিভাক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাৰ পৃষ্ঠপোষকতা আৰু সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰৰ পৰিকল্পনাৰে প্ৰেছ ক্লাব পৰিয়ালে আয়োজন কৰে এই অনুষ্ঠান। 

অনুষ্ঠানত বহু প্রতিভাধৰ সাংবাদিকে একক অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰি দলীয়ভাৱে অত্যন্ত আকর্ষণীয় ৰূপত এটি লোকবাদ্য অনুষ্ঠান পৰিৱেশন কৰে। লোকনৃত্য, ঝুমুইৰ আদি কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে সাংবাদিকসকলে। এই অনুষ্ঠানতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই সাংবাদিকসকলে কেইবাটাও গীত পৰিৱেশন কৰে। প্ৰায়সমূহ ছপা, বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমৰ সম্পাদনা কক্ষৰ শীর্ষ সাংবাদিকে অংশগ্রহণ কৰা অনুষ্ঠানটো বহু খুহুতীয়া আড্ডাই আকর্ষণীয় কৰি তোলে। অনুষ্ঠানত অসমৰ সংগীত জগতৰ খ্যাতনামা শিল্পী তৰালি শৰ্মা উপস্থিত হৈ সাংবাদিকসকলক উৎসাহ যোগায়। সাংবাদিকৰ আড্ডাত অভিনেতা বিকীয়েও আলাপৰ অংশীদাৰ হয়। জনপ্রিয় কৌতুক শিল্পী অংশুমান ভূঞাই এই আড্ডাক পৰিচালনা কৰি অধিক মনোগ্ৰাহী কৰি তোলে।

Share This