ডিজিটেল ডেস্ক : যোৰহাট দানিছ নগৰৰ নিবাসী ড° মূর্ছনা খুছৰুৱে অসম তথা উত্তৰ-পূৰ্বর্বাঞ্চললৈ কঢ়িয়াই আনিছে সুখবৰ। বৰ্তমান বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয়, মেঘালয়ৰ (USTM) পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ড° মূর্ছনা খুছৰুৱে ভাৰতীয় মহাকাশ গৱেষণাৰ পৰা এক সন্মানীয় গৱেষণা প্ৰকল্পৰ অনুমোদন লাভ কৰিছে ইয়াৰ আঞ্চলিক একাডেমিক চেণ্টাৰ ফৰ স্পেচ (RAC-S) কাৰ্যসূচীৰ অধীনত। 'একক তৰংগ বিশ্লেষণৰ জৰিয়তে সৌৰ বতাহৰ গতিশীলতাৰ বহু মহাকাশযান অনুসন্ধান: আদিত্য-এল ১ মিছনৰ পৰা অন্তর্দৃষ্টি' শীর্ষক এই অনুমোদিত প্রকল্প এই অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কাৰণ ই উত্তৰ-পূব ভাৰতৰ পৰা অহা প্রথমটো প্রকল্প, যিয়ে এ এছ পি ই এক্স (আদিত্য সৌৰ বতাহৰ কণা পৰীক্ষা) আৰু এম এ জি (মেগনেটমিটাৰ) পেলোডৰপৰা বৈজ্ঞানিক তথ্য ব্যৱহাৰ কৰিছে ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল ১-এ।
এই প্ৰকল্পৰ নেতৃত্ব দিব ড° মূর্ছনা খুছৰুৱে প্ৰধান অনুসন্ধানকাৰী (পি আই) হিচাপে, লগত সহযোগ কৰিব আহমেদাবাদৰ ভৌতিক গৱেষণা পৰীক্ষাগাৰৰ (পি আৰ এল) বিজ্ঞানী ড° অভিক সৰকাৰে। এই প্রকল্পত তেওঁ ভিতৰৰ হেলিঅ'স্ফিয়াৰত সৌৰ বতাহৰ গতিশীলতাৰ অনুসন্ধান কৰিব, একক তৰংগৰ দৰে অৰৈখিক প্লাজমা গঠন ধৰা পেলোৱা আৰু বিশ্লেষণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব।
এই গৱেষণাৰ লক্ষ্য হৈছে আদিত্য-এল ১ অভিযানৰ মূল বৈজ্ঞানিক লক্ষ্যৰ সৈতে মিল ৰাখি সৌৰ বতাহৰ অস্থিৰতা আৰু মহাকাশৰ বতৰৰ পৰিঘটনাত ইয়াৰ ভূমিকা সম্পর্কে বুজাবুজি আগবঢ়াই নিয়া। এই কৃতিত্ব ইউ এছ টি এমৰ লগতে যোৰহাট আৰু সমগ্ৰ উত্তৰ-পূবৰ বৈজ্ঞানিক সমাজৰ বাবে আঞ্চলিক গৌৰৱৰ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে।