বৰপেটাত গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ। প্ৰায় ৫১ টা গাহৰিৰ মৃত্যু।  জিলা প্ৰশাসনে পুতি পেলালে মৃত গাহৰিবোৰ।

Rashmi May 17, 2025

ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ গহিয়া গাঁৱৰ সনাতন বড়ো নামৰ এজন গাহৰি পালকৰ গাহৰি ফাৰ্মত ধৰা পৰা আফ্ৰিকান ছোৱাইন ফিভাৰ। এই সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে আজি বৰপেটা জিলাৰ পশু চিকিৎসা বিভাগে মৃত গাহৰিসমূহ গাঁত খান্দি পুতি পেলায় ৷

গহিয়া গাঁৱৰ সনাতন বড়োৰ দুই পুত্ৰই প্ৰায় দুবছৰ পূৰ্বে গাহৰি ফাৰ্ম আৰম্ভ কৰিছিল ৷ তেওঁলোকৰ এই ফাৰ্মৰে গাহৰিবোৰ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হয় আৰু পোৱালিসহ প্ৰায ৫১টা গাহৰি মৃত্যুমুখত পৰে ৷

ফাৰ্মখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ নিশ্চিত হোৱাৰ পিছত বৰপেটাৰ জিলা দণ্ডাধীশে অসম মহামাৰী ৰোগ আইন ২০২৩ অনুসৰি কালি কেতবোৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল ।

সেই অনুসৰি জিলাখনত গাহৰি আৰু গাহৰিৰ পোৱালি, গাহৰিৰ মাংস আৰু আন সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ কৰা হয় ৷

ইয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে জিলাৰ ভিতৰত আৰু বাহিৰত গাহৰিৰ পৰিবহণ বন্ধ কৰাৰ লগতে আক্ৰান্ত অঞ্চলৰ ১ কিঃমিঃ ব্যাসাৰ্ধত চাৰি বা পাঁচজনতকৈ অধিক মানুহৰ সমাৱেশত বাধা আৰোপ কৰা হয় ৷

নিৰ্দেশ উলংঘা কৰিলে আই পি চি ১৮৮ ধাৰাত শাস্তি প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰা হয় ৷

পশু চিকিৎসা বিভাগে আজি জানিবলৈ দিয়া মতে সনাতন বড়োৰ গাহৰি ফাৰ্মৰ ১ কিল'মিটাৰ ব্যসাৰ্ধত আন কোনো গাহৰি ফাৰ্ম নাই ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰাত কিছু সুবিধা হ’ব ৷

ফাৰ্মখন মৃত গাহৰিবোৰৰ পৰা আৰু যাতে সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৷

আনহাতে চৰকাৰৰ তৰফৰ পৰা ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব বুলিও বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়ে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This