লোকপিয়লৰ পাছত অসমৰ মুছলমানে লিখিব পাৰিব নিজৰ জাতিৰ নাম

dainik janambhumi June 06, 2025

ডিজিটেল ডেস্ক : লোকপ্রিয়লৰ পাছতেই অসমীয়া মুছলমানসকলে পাব জাতিৰ স্বীকৃতি। মুকলিকৈ তেওঁলোকে লিখিব পাৰিব জাতিৰ নাম। বৃহস্পতিবাৰে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত তেওঁ কয়- অসমীয়া মুছলমানসকলে ইমান দিনে জাতিগত পিয়লৰ কথা কৈ আছিল। এতিয়া জাতিগত পিয়ল হ'ব। ইয়াৰ পাছতেই অসমীয়া মুছলমান আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানসকলে। নিজৰ জাতিৰ নাম লিখিব পাৰিব। জাতি আৰু মানুহৰ সংখ্যাৰ কথা গম পালেই বাকী কথাবোৰ আগবঢ়াই নিব পৰা যাব। 

আনহাতে ইউ এছ টি এমৰ প্রসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত ইউ এছ টি এমৰ সন্দৰ্ভত গোচৰ তৰিছিল। এই বিষয়ত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে অসম আৰু মেঘালয় দুয়োখন চৰকাৰলৈ জাননী জাৰি কৰিছে। ইয়াৰ উপৰি ন্যায়ালয়ে তেওঁলোকৰ উচ্চ ক্ষমাসম্পন্ন কমিটীকো জনানী দিছে।' ইফালে উক্ত কমিটীখনক অসমলৈ নিমন্ত্রণ জনাই ড° শর্মাই কয়, 'মই ভাবোঁ কে তেওঁলোকে অসম আৰু মেঘালয়লৈ আহি নিজৰ মতে তদন্ত কৰিব। আমি বহুদিন চেষ্টা কৰি আছিলোঁ এই তদন্তৰ বাবে। এতিয়া আমি সেই দিশত আগবাঢ়িছোঁ। এই সম্পৰ্কত আমাক মেঘালয় চৰকাৰেও সহযোগিতা কৰিছে। গতিকে মই ভাবোঁ যে দুই-তিনি বছৰত এই পৰিৱেশৰ উন্নতি হ'ব।' 

মন কৰিব লগীয়া কথা যে মুখ্যমন্ত্রীয়ে পূৰ্বৰে পৰাই গুৱাহাটীত হোৱা কৃত্রিম বানৰ বাবে ইউ এছ টি এমক জগৰীয়া কৰি আহিছিল। তেওঁৰ মতে ইউ এছ টি এমে জধে-মধে পাহাৰ কটাৰ বাবেই গুৱাহাটীত কৃত্রিম বানৰ সৃষ্টি হৈছে।

Share This