খোৱাং সমষ্টিৰ প্ৰাৰ্থী হিচাপে লুৰীণজ্যোতি গগৈৰ নাম আনুষ্ঠানিকভাৱে ঘোষণাৰ পাছতে ফটকা ফুটাই, বিহু মাৰি আনন্দ-উল্লাস দলীয় কৰ্মীৰ

Nikimoni Kachari March 17, 2026

ডিজিটেল ডেস্ক: অসম জাতীয় পৰিষদৰ আনুষ্ঠানিক প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পাছতেই খোৱাঙত দলটোৰ নেতা-কৰ্মীৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উছাহ।  খোৱাং সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে লুৰীণজ্যোতি গগৈৰ নাম আনুষ্ঠানিক ঘোষণাৰ পাছতেই খোৱাঙৰ ৰাজপথত আৱতৰীয়া দীপাৱলী হয়। 

খোৱাং আজাৰগুৰিত অৱস্থিত অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই ৰেলী বাহিৰ কৰে দলটোৰ কৰ্মীসকলে। শতাধিক কৰ্মীয়ে বিহু মাৰি খোৱাঙৰ ৰাজপথত লুৰীণজ্যোতি গগৈ জিন্দাবাদ ধ্বনি দি আনন্দ-উল্লাস কৰে। 

এইবাৰ খোৱাং সমষ্টিত জাহাজ চলিব বুলিও মন্তব্য কৰে জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This