ডিজিটেল ডেস্ক: ২০২৬ বৰ্ষটো অগপৰ বাবে হ'ব অপ্ৰতিৰোধ্য যাত্রা। এই বর্ষতে অসম চুক্তিৰ ৰূপায়ণ হ'বলৈ বাকী থকা দফাসমূহ ৰূপায়ণ কৰা হ'ব। ইয়াৰ বাবে অগপই প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব। এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ।
কালি বছৰৰ শেষৰ দিনটোত গুৱাহাটী আমবাৰীৰ দলৰ কাৰ্যালয়ত সাংবাদিকৰ আগত সভাপতি বৰাই ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাই ২০২৬ বর্ষটি দলটোৰ বাবে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ কয়, 'শিপাৰ সন্ধান অব্যাহত ৰাখিছে দলটোৱে। অনাগত দিনত আঞ্চলিক দলটোৱে 'ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উপাৰ্জন' শীর্ষক কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাজ্যৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত অগপই সবলভাৱে মাত মাতি যাব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, 'ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ স্বাৰ্থতে মিত্ৰতাৰ প্রয়োজন আছে। ইয়াৰ বাবে বিজেপিৰে স্থাপন কৰা হৈছে মিত্রতা। কম দিনৰ ভিতৰতে বিজেপিৰে মিত্ৰতাৰ সকলো কথা চূড়ান্ত কৰা হ'ব।' বাস্তৱ পৰিস্থিতিৰ লগত খাপ খুৱাইহে আসনৰ সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি জনাই তেওঁ লগতে কয়- 'এইবাৰ বহুতো নতুন মুখে দলৰ টিকট লাভ কৰিব।'
আনহাতে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ সন্দৰ্ভত তেওঁ কয়, 'প্রাক্তন ন্যায়াধীশ বি কে শর্মা নেতৃত্বাধীন কমিটীয়ে প্ৰদান কৰা ৪০টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ধন ধাৰ্য কৰা হৈছে। ১২টা পৰামৰ্শ কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে ৰূপায়ণ কৰিব পাৰে। ১৫টা পৰামৰ্শ কেৱল কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব পাৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰে যোগাযোগ অব্যাহত ৰাখিছে। ইফালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অগপৰ পূৰ্ণ সমর্থন আছে বুলি মত প্ৰকাশ কৰি বৰাই অৱশ্যে বৰ্তমানৰ জনজাতিসকলৰ স্বাৰ্থ চুলিডালৰ সমানো হেৰফেৰ নোহোৱাকৈ সুৰক্ষিত হ'বই লাগিব বুলিও মত প্রকাশ কৰে।