ডিজিটেল ডেস্ক : জনসংযোগৰ ক্ষেত্ৰত এ আই এংকৰ ব্যৱহাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম চৰকাৰে। শেহতীয়া কেবিনেট বৈঠকৰ খবৰ প্ৰচাৰৰ বাবে এ আই-চালিত ভার্চুৱেল নিউজ এংকৰ 'অংকিতা'ক ছ'চিয়েল মিডিয়াযোগে কালি ৰাইজৰ সৈতে চিনাকি কৰাই দিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ফে'চবুক আৰু এক্সত প্রকাশিত এটা ভিডিঅ'ত অংকিতাই সাৱলীল অসমীয়া ভাষাত ডিব্ৰুগড় বিমানবন্দৰৰ নাম ভূপেন হাজৰিকাৰ নামেৰে সলনি কৰা আৰু চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এককালীন অনুদান প্রদানৰ দৰে গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰা দেখা গৈছে।
জীৱন্ত ৰূপ আৰু স্পষ্ট কণ্ঠৰে সজ্জিত অংকিতাই তেওঁৰ পেছাদাৰী উপস্থাপনৰ দ্বাৰা ছ'চিয়েল মিডিয়াত সকলোকে মুগ্ধ কৰিছে। আনকি মুখ্যমন্ত্ৰীৰ এই পোষ্ট কেইবা হাজাৰো শ্বেয়াৰ হৈছে। বিভিন্নজনে ৰাজ্য চৰকাৰৰ এই প্ৰয়াসক মুকলিভাৱে প্ৰশংসা কৰাৰ বিপৰীতে বহুসংখ্যকেই শংকা প্রকাশ কৰিছে যে এনেদৰে যদি নিউজ চেনেলবোৰেও এ আই এংকৰ ব্যৱহাৰ কৰে তেনেহ'লে বহুসংখ্যক টিভিত বাতৰি পঢ়া এংকৰৰ চাকৰি যোৱাৰ সম্ভাৱনা আছে। পিছে সেই বিতৰ্কৰ পৰা আঁতৰি সকলোৱে ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই আধুনিক প্রযুক্তিয়ে ৰাজ্যত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্রকাশ কৰিছে।