কেম্পাছ ডেমক্রেটিক ডে' পালন, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণৰ সন্মুখত এ আই ডি এছ অ'ৰ বিক্ষোভ

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক: এ আই ডি এছ অ'ৰ সৰ্বভাৰতীয় কাউন্সিলৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয় বচাওক আৰু ৰাজহুৱা শিক্ষানুষ্ঠান ৰক্ষা কৰাৰ শ্ল'গানৰ লগতে আন্দোলনৰত ছাত্র-ছাত্রী আৰু শিক্ষক-কর্মচাৰীসকললৈ সমর্থন জনাই গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়, কাছাৰৰ জি চি বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপত কেম্পাছ ডেম'ক্রেছি ডে' পালন কৰা হয়। 

শোণিতপুৰ জিলা কমিটীৰ উদ্যোগত কালি দুপৰীয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ গে'টৰ সমীপত ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতর্কিত উপাচাৰ্যৰ অপসাৰণ আৰু বিশ্ববিদ্যালয়খনৰ চৌহদত ছাত্র-ছাত্রী, শিক্ষক-কর্মচাৰীবৃন্দই দীর্ঘদিন ধৰি কৰি অহা আন্দোলনৰ সমর্থনত অর্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিক্ষোভ আৰু সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে এখনি প্রতিবাদী সভা অনুষ্ঠিত কৰে।

প্ৰতিবাদী সভাৰ আঁত ধৰে শোণিতপুৰ জিলা কমিটীৰ সভাপতি নয়নমণি চৌধুৰীয়ে। প্রতিবাদী সভাত বক্তব্য দাঙি ধৰে এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কাউন্সিলৰ যুটীয়া সম্পাদক মাধুর্য গগৈ আৰু উপ-সভাপতি পল্লব পেগুৱে। তেওঁলোকে কয় যে উপাচাৰ্যগৰাকীৰ কৰ্মকাণ্ডই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে ৰাজ্যৰ সাধাৰণ মানুহক উদ্বিগ্ন কৰি তুলিছে। আমি বিশ্বাস কৰোঁ এনে জটিল সন্ধিক্ষণতো তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীবৃন্দৰে চৰকাৰে আলোচনাৰ জৰিয়তে বিষয়টো মীমাংসা কৰা যাব। অন্যথা এই আন্দোলনে তীব্র গণতান্ত্রিক আন্দোলনৰ ৰূপ ল'ব। ইয়াৰ পাছতে এ আই ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটীৰ সভাপতি নয়নমণি চৌধুৰীয়ে অতিশীঘ্ৰে তেজপুৰ বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিয়োগ কৰা, বিতর্কিত উপাচাৰ্যক অপসাৰণ কৰা আৰু বিশ্ববিদ্যালয়ত সংঘটিত দুর্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা লগতে তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্র সংসদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰতিবাদস্থলীত দাবী উত্থাপন কৰে।

Share This