৭টা দলে এইবাৰ বিজেপি, এ আই ইউ ডি এফক বাহিৰ কৰিব, চেঙাত 'ৰাইজৰ দল'ৰ গণ অভিৱৰ্তনত অখিল গগৈ

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক : বিজেপি হ'ল হিন্দু সাম্প্রদায়িক দল। এই দলটোৱে হিন্দুক লৈ ৰাজনীতি কৰে। আনহাতে, মুছলমান ধর্মত থকা সাম্প্রদায়িক দলটোৰ নাম হ'ল এ আই ইউ ডি এফ। এই দলটোৱে মুছলমানক লৈ ৰাজনীতি কৰে। এই দুয়োটা সাম্প্রদায়িক দলক ২০২৬ৰ নির্বাচনত ব্রহ্মপুত্রত দলিয়াই পেলাব লাগে।' এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত দংৰা হাইস্কুলৰ খেলপথাৰত আজি অনুষ্ঠিত ৰাইজৰ দলৰ বিশাল গণ অভিৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গগৈয়ে কয় যে এইবাৰ ৰাইজৰ দল, কংগ্ৰেছ, চি পি আই এম, চি পি এম, অসম জাতীয় পৰিষদকে ধৰি সাতটা দল একলগ হৈছোঁ। এই সাতটা দল লগ হৈ আমি দুটা দলক অসমৰ পৰা বাহিৰ কৰি দিব বিচাৰিছোঁ।

এটা হ'ল বিজেপি, আনটো দল হ'ল এ আই ইউ ডি এফ। এই দল দুটাক অসমৰ ৰাজনীতিৰ পৰা বাহিৰ কৰিবলৈ ৰাইজৰ সহায় লাগিব বুলিও অখিল গগৈয়ে উল্লেখ কৰে। তেওঁ কয় যে অসম বিধানসভাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ২২জন মুছলমান বিধায়ক আছে। আৰু ৰাইজক দলৰ এজন বিধায়ক আছে। কিন্তু ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ ঘৰ ভঙাৰ সময়ত মুছলমানৰ ২২জন বিধায়কে যিমান চিঞৰে, ৰাইজৰ দলৰ বিধায়ক হৈ মই তাতকৈ বহুত বেছি চিঞৰি থাকোঁ। জাতিৰ বিপদৰ সময়ত এই বিধায়কসকলে মাত নামাতে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে আপোনালোকে যিবিলাক বিধায়ক নির্বাচিত কৰি পঠিয়াই, অকল শ্বেৰমান আলী আহমেদৰ বাদে সকলো বিজেপিৰ পকেটত সোমাই থাকে। এই বিধায়কসকলক কিয় যে আপোনালোকে জিকাই আছে, সেয়া আপোনালোকেহে জানে। মই এই পার্টিত থাকিলে কোনোদিনে জিকিবলৈ নিদিলোঁহেঁতেন বুলিও ভাষণত উল্লেখ কৰে অখিল গগৈয়ে। তেওঁ কয় যে এইবাৰ উজনি অসমত বিজেপিক হৰুৱাব বুলি সিদ্ধান্ত গ্রহণ কৰাৰ পাছতে বিজেপিয়ে ভয় খাই ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া বহু মানুহৰ নাম কাটি দিব খুজিছে। তেওঁ বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্সিঙৰ প্ৰসংগ পুনৰবাৰ উল্লেখ কৰি কয় যে যোৱা ৪ জানুৱাৰীত হোৱা ভিডিঅ' কনফাৰেন্সিঙত বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই বিজেপিক ভোট নিদিয়া ষাঠিটা বিধানসভা সমষ্টিত ১০ হাজাৰকৈ ভোট কাটি দিবলৈ নির্দেশ দিছে। এই দায়িত্ব মন্ত্রী অশোক সিংহলক দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্ৰতিজন বিধায়ক, বিজেপিৰ জিলা সভাপতি আৰু মণ্ডল সভাপতিক ১২ জানুৱাৰীৰ ভিতৰত এই লিষ্ট দিবলৈ নির্দেশ দিয়ে। এই কাম অতি গোপনে বিজেপি দলে কৰি আছে বুলিও উল্লেখ কৰি ইয়াৰ বাবে বিজেপিৰ সভাপতি দিলীপ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰো দাবী জনায় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই সম্পর্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিব বুলিও উল্লেখ কৰে গগৈয়ে।

তেওঁ কয় যে ৰাইজৰ দল আৰু কংগ্রেছ একলগ হোৱাত বিজেপিৰ মূৰ গৰম হৈ গৈছে। ৰাইজৰ দল আৰু কংগ্ৰেছে উজনি অসমত এইবাৰ বিজেপিক হৰুওৱাটো খাটাং। ৰাইজৰ দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি নেৱাজুল হক আৰু চেঙা সমষ্টি সমিতিৰ সভাপতি শাহাদৎ হুছেইন ছিদ্দিকৰ যুটীয়া সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আশ্রাফুল ইছলাম আৰু মনিৰুজ জামান উপস্থিত থাকি ভাষণ আগবঢ়ায়। সভাত অখিল গগৈয়ে চেঙা সমষ্টিৰ ৰাইজৰ দলৰ দুজন প্রার্থিত্ব প্রত্যাশী কৃষক মুক্তিৰ প্ৰাক্তন নেতা অধিবক্তা কাজী নাজিমুল হক আৰু মিৰাজ বাছিকুৰ ৰহমানক ৰাইজৰ আগতে পৰিচয় কৰাই দিয়ে।

Share This