ডিজিটেল ডেস্ক : চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তৰ পাঠিমাৰী খোলাবান্ধা জনপ্রিয় বজাৰত আজি অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত উপস্থিত থাকে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ খোলাবান্ধা আঞ্চলিকৰ সভাপতি জিন্নত আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জনসভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্রসংগত বিজেপি আৰু এ আই ইউ ডি এফ দলক ক্ষুৰধাৰ সমালোচনা কৰে।
বিধায়ক অখিল গগৈয়ে ভাষণ প্রসংগত কয়, 'এইবাৰ কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দলৰ সকলো মানুহে মিলি হিমন্ত বিশ্ব শর্মাক ব্রহ্মপুত্ৰত ডুবাই দিম।' লগতে তেওঁ কয়, 'আজিৰ তাৰিখত অসমৰ মানুহৰ কোনো নিৰাপত্তা নাই। বিশেষকৈ ধর্মীয় সংখ্যালঘু মানুহবোৰে এতিয়া ঘৰৰপৰা ওলাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। বজৰংগ দলৰ লগতে হিন্দুত্ববাদী দল-সংগঠনৰ নেতা-কর্মীৰ অত্যাচাৰত এতিয়া অসমৰ মানুহ ভয়ত থাকিব লগা হৈছে। বিজেপিক অসমৰ শাসনভাৰৰ পৰা খেদিব লাগিলে অসমৰ সংখ্যালঘু মানুহে এ আই ইউ ডি এফ দলটোক খেদি পঠিয়াব লাগিব। তেওঁ কয় যে বিজেপি দল হিন্দু সাম্প্রদায়িক হোৱাৰ বিপৰীতে এ আই ইউ ডি এফ দল হৈছে মুছলমান সাম্প্রদায়িক দল। গতিকে দুয়োটা সাম্প্রদায়িক দলকে ৰাজনীতিৰ পৰা বিদায় দি অসমত শান্তি-সম্প্ৰীতিৰে বসবাস কৰাৰ সুযোগ কৰি দিব লাগে। আধুনিক যুগত এনে ধৰ্মৰ নামত ৰাজনীতি কৰা ৰাজনৈতিক দলক সকলোৱে মিলি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। বর্তমান অসমৰ ৰাজনীতিত বিজেপি আৰু এ আই ইউ ডি এফ দল দুটা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ কাম কৰি আছে। অখিল গগৈয়ে আৰু কয় যে মই আহোম মানুহ, ১৭ বাৰ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসম ৰক্ষা কৰা বংশধৰৰ মানুহ, যদি আপোনালোকে এ আই ইউ ডি এফ দলক ব্ৰহ্মপুত্ৰত দলিয়াব পাৰে তেন্তে উজনি অসমৰ পৰা মই অকলেই বিজেপিক প্রতিহত কৰিম। ভাষণত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অসুৰৰ লগত তুলনা কৰি তেওঁক বশ কৰাই ২৬ৰ নিৰ্বাচনৰ মূল লক্ষ্য বুলি কয়। অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলৰ প্ৰতীক তলাটো আজমলৰ হাতত থাকিলেও তলাটোৰ চাবিপাত হিমন্ত বিশ্ব শৰ্মাৰ হাততহে থাকে বুলি মন্তব্য কৰে। অর্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ শ্রুতলিপি মতে কাম কৰে বদৰুদ্দিন আজমলে।
তেওঁ কয়, 'মুছলমান মানুহে এ আই ইউ ডি এফক ভোট দিলে উজনি অসমৰ হিন্দু মানুহে বিজেপিক ভোট দিবই। হিন্দু-মুছলমানৰ ৰাজনীতি বাদ দি সকলোকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনায় অখিল গগৈয়ে। জনসভাত ভাষণ দি গগৈয়ে পুনৰ কয়, '২৬ ৰ নিৰ্বাচনত ৰাইজৰ দলক চৰকাৰৰ অংশীদাৰ হোৱাৰ সুযোগ দিলে ৰাজ্যৰ প্ৰতিটো মিঞা-মুছলমান লোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিধায়ক অখিল গগৈয়ে কয়-২০২৬ৰ নির্বাচনত এ আই ইউ ডি এফক বাদ দি বাকী বিৰোধী দলসমূহৰ মাজত মিত্রতা হোৱাটো এশ শতাংশ নিশ্চিত। মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলৰ কোনো পূৰ্ব চৰ্ত আৰোপ কৰা নাই যদিও নামনি অসমৰ সংখ্যালঘু প্রধান অঞ্চলত দুই এটা সমষ্টি ৰাইজৰ দলক এৰি নিদিলে কিছু কিছু তেনে সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হোৱাৰ অৱকাশ নথকা নহয়। আগন্তুক ৰাজ্য সভাৰ নিৰ্বাচনকলৈও বিধায়ক অখিল গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বিৰোধী দল হিচাপে এ আই ইউ ডি এফক কোনেও বিশ্বাস কৰিব পৰা নাই, তেনে অৱস্থাত ৰাজ্য সভাৰ নিৰ্বাচনত বিৰোধীয়ে প্রার্থী দিয়াৰ সম্ভাৱনা একেবাৰেই ক্ষীণ।