মৰিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড মদৰ কাৰণেই মোমায়েকে হত্যা কৰিলে ভাগিনীয়েকক

Jyoti Borah August 16, 2023

ডিজিটেল ডেস্কঃ মদৰ কাৰণেই মোমায়েকে ভাগিনীয়েকক হত্যা কৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে সদৰ থানাৰ অন্তৰ্গত কোমোৰাগুৰি গাঁৱত। অৱশেষত আজি হত্যাকাৰী মোমায়েক হেমচন্দ্ৰ নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত কোমোৰাগুৰি গাঁৱৰ প্ৰাক্তন সেনা বিষয়া হেমচন্দ্ৰ নাথে কেইবাবছৰ ধৰি মৰিগাঁও চহৰৰ সোনাৰিগাঁৱত বসবাস কৰি আছিল।যোৱা ১১ আগষ্ট নগাঁও জিলা বঢ়মপুৰৰ ভাগিনীয়েক শ্যামল বৰা (৩৫) মোমায়েক হেমচন্দ্ৰ নাথৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। সেইদিন মোমায়েক আৰু ভাগিনীয়েক দুয়োজনে আবেলি ওলাই গৈ সিধাবাৰীৰৰ নাৰায়ণ বজাৰত  একেলগে মদ খোৱাৰ লগতে লগত দুই বটল মদ ঘৰলৈ লৈ আহে। নিশা মোমায়েক হেমচন্দ্ৰ নাথ শুই যোৱাৰ পিছত নিশাই উঠি মদৰ বটল দুটা আছেনে নাই চাই দেখে দুয়োটা বটল খালী।খঙত অগ্নি শৰ্মা হৈ মোমায়েকে ভাগিনীয়েকক বাহ লৈ কোবাই কোবাই হত্যা কৰে। হত্যাকাৰী মোমায়েকে নিশাই ভাগিনীয়েকৰ ঘৰলৈ খবৰ দি কয় ভাগিনীয়েক শ্যামল বৰা বাথৰুমলৈ যাওঁতে পিছল খাই পৰি মৃত্যুৰ মুখত পৰে বুলি অৱগত কৰাত পুৱাই পৰিয়ালৰ লোকে মৃতদেহটো নগাঁও বঢ়মপুৰলৈ লৈ যায় সৎকাৰৰ ব্যৱস্থা কৰে। তাৎপৰ্য্যপূৰ্ণ বিষয় এইয়ে যে সৎকাৰ কৰিবলৈ লওঁতেই শ্যামলৰ শৰীৰ বিভিন্ন অংশত দাগ দেখি স্থানীয় ৰাইজৰ সন্দেহ হয় আৰু মৃতদেহটো সৎকাৰৰ নকৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ আহে। নাগাঁও অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ঘটনা সংঘটিত স্থলী মৰিগাঁৱলৈ পঠাই দিয়ে আৰু ১২ আগষ্টত মৰিগাঁও আৰক্ষীৰ সহযোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাই পুনৰ সৎকাৰৰ বাবে মৃতদেহটো পঠিয়াই দিছে।ঘটনা দিনাৰ মোমায়েক হেমচন্দ্ৰ নাথ পলাতক অৱস্থাত আছিল যদিও আজি আৰক্ষীয়ে নাথক গ্ৰেপ্তাৰ কৰা পিছতেই আৰক্ষীৰ আগত সকলো কথা স্বীকাৰ কৰে হত্যাকাৰী মোমায়েক হেমচন্দ্ৰ নাথে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
 

Share This