বাংগালোৰত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অসমৰ ছাত্ৰ এলড্ৰিন নাথৰ পুনৰ চমক

Rashmi July 27, 2025

ডিজিটেল ডেস্ক : নিজৰ উদ্ভাৱনশীল শক্তিয়ে ৰ'ভাৰ যান সাজি চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ ছাত্ৰ এলড্ৰিন নাথে এইবাৰ E-bike নিৰ্মাণ কৰি আন এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দেশৰ অন্যতম বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ এলড্ৰিন নাথে চলিত বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰীত যিকোনো গ্ৰহৰ পৃষ্ঠৰ পৰা তথ্য সংগ্ৰহ কৰিব পৰা এখন ৰ'ভাৰ যান সাজি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ঊৰ্ধ্বতন তথা জ্যেষ্ঠ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এজন মেধাৱী অসমীয়া ছাত্ৰ হিচাপে ৰাজ্যখনক গৌৰৱান্বিত কৰা এলড্ৰিন নাথ মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানৰ শিক্ষক মিন্টু কুমাৰ নাথ আৰু লেখিকা মৃণালিনী দেৱীৰ সন্তান। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পিছতেই প্ৰথমে এখন "ড্ৰ'ন", তাৰ পিছত ৰ'ভাৰ যান সাজি উলিওৱাৰ পিছত বৰ্তমানে সাজি উলিয়াইছে এখন E-bike।


E- bike খন নিৰ্মাণৰ সন্দৰ্ভত প্ৰকাশ কৰি মেধাৱী ছাত্ৰ এলড্ৰিনে কয় এই E-bike খন বনাবৰ বাবে BLDC ( Brussless Direct Current)  মটৰ ব্যৱহাৰ কৰা হৈছে ।  এই মটৰটো অধিক শক্তিশালী ।  Conventional  Direct Current মটৰৰ তুলনাত এই মটৰবোৰ  বেছি efficient আৰু শক্তিশালী হয় কাৰণ ইয়াত Armature  stationary হয় আৰু Magnetic body rotor হয় , যাৰ বাবে coils বোৰ bigger আৰু more Current accept কৰিব পাৰাকে বনাব পাৰি ।  ইয়াত ব্যৱহাৰ কৰা মটৰটোৰ Rating--350 watt , at  24 volt ,17A . এই ধৰণৰ মটৰবোৰক চলাবৰ বাবে বিশেষ ধৰণৰ controller ৰ প্ৰয়োজন হয় । বেটেৰীৰ  পেকটো বনোৱা হৈছে -18650 ,37v  Li-ion cellৰে । মুঠতে 36 টা বেটেৰী ব্যৱহাৰ হৈছে । Mechanical body টোত চাইকেলৰ ফ্ৰেম ব্যৱহাৰ হৈছে  যদিও তাত বহুত খিনি modification কৰা হৈছে । চাইকেলৰ চকাবোৰ যিহেতু  27-28 inch  diameter হয় আৰু ইয়াত ব্যৱহাৰ কৰা টায়াৰ দুটা 10 inch ৰ হয় বাবে হেণ্ডেল বাৰ আৰু চিটৰ হাইট এটা উপযোগী হাইটলৈ  আনিবলৈ নতুনকৈ  ফ্ৰেমটোত বহুতখিনি ষ্টিলৰ ৰদ লগাব লগা হৈছে । বেটেৰীৰ কন্ট্ৰলাৰটো আৰু  অন্যান্য  প্ৰয়োজনীয় ইলেক্ট্ৰনিকৰ বস্তুবোৰ  বৰষুণত তিতিলেও বেয়া নহবলৈ 3D print ৰ বাকচ বনাই ব্যৱহাৰ কৰা হৈছে ।  বেটেৰীটো ফুল চাৰ্জ হবলৈ তিনি ঘণ্টা সময় লাগে আৰু এই  চাৰ্জৰে 21 km যাব পাৰে । ইয়াৰ  max  speed-- 32km /hr . 
স্কুটি খনত নতুনকৈ Regenerative  braking সংযোগ কৰাৰ পৰিকল্পনা কৰি আছে বুলি মন্তব্য কৰে এলড্ৰিনে।

উল্লেখ্য যে মেধাৱী ছাত্ৰ এলড্ৰিনৰ উদ্ভাৱনশীলতাৰ বিজ্ঞানৰ অধ্যয়নে সৃষ্টিশীলতা আৰু উদ্ভাৱনশীলতা বৃদ্ধি কৰাত যে সহায় কৰিব সেয়া নিশ্চিত। তদুপৰি মেধাৱী ছাত্ৰ এলড্ৰিনৰ ইটোৰ পিছত সিটো বিজ্ঞানৰ নিমাৰ্ণকাৰ্যই ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নিজৰ দক্ষতা পৰিচয় দিবলৈ সক্ষম হোৱাৰ খবৰে ৰাজ্যৰ বৌদ্ধিক মহলক আনন্দিত কৰি তুলিছে।

Share This