অসম আৰক্ষীৰ সকলো ছুটী বাতিল

dainik janambhumi October 16, 2025

ডিজিটেল ডেস্কঃ  জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত পাঁচজনক বুধবাৰে বাক্সাৰ কাৰাগাৰলৈ বাগাৰলৈ নিয়াৰ সময়ত যি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া নিশাপর্যন্ত অব্যাহত আছে। নিশাও বাক্সাত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। জিলাখনৰ লগতে সমগ্র অসমত জুবিন অনুৰাগীসকলে যিকোনো সময়তে যিকোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকাত অসম আৰক্ষীৰ সকলো ছুটী বাতিল কৰা হৈছে। 

বুধবাৰে অসম আৰক্ষীৰ মুখ্য কার্যালয়ে ৰাজ্যৰ সাম্প্রতিক আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এই নির্দেশনা জাৰি কৰিছে। এই নির্দেশনা অনুসৰি ৰাজ্যৰ সকলো আৰক্ষীৰ সকলো ছুটী বাতিল কৰা হৈছে। ইতিপূর্বে অনুমোদন জনোৱা নৈমিত্তিক ছুটী (কেজুৱেল লীভ), ষ্টেছন লীভ আদিও বাতিল কৰা হৈছে। অৱশ্যে, স্বাস্থ্য সম্পৰ্কীয় জৰুৰীকালীন বিষয়ৰ ছুটীত অনুমোদন দিয়া হৈছে।

Share This