লোকনির্মাণ বিভাগ-জনপ্রতিনিধিৰ ভূমিকাত ক্ষুব্ধ ৰাইজ, অময়াপুৰ-অৰৰা পথ বিধ্বস্ত

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক: নলবাৰী বিধানসভা সমষ্টিৰ অধীনৰ বাঁহজানীৰ অন্তর্গত সদাব্যস্ত অময়াপুৰ-অৰৰা পথটো বিধ্বস্ত হৈ পৰাৰ পাছতো চৰকাৰ, বিভাগীয় কর্তৃপক্ষ তথা জনপ্রতিনিধিয়ে পথটোৰ উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে কোনো পদক্ষেপ নোলোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। 

উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ মেৰুদণ্ডস্বৰূপ লোকনিৰ্মাণ বিভাগৰ উক্ত পথটো সম্প্রতি ঠায়ে ঠায়ে ভাগি-ছিগি একেবাৰে যাতায়াতৰ অনুপযোগী হৈ পৰিছে। পথটোৰ অময়াপুৰ বোমা ফুটা চ'কৰ পৰা অৰৰা বকুলতল চ'কলৈ অধিকাংশতে পথৰ পুৰণি পকীবোৰ এৰি গৈ কটা শিলবোৰ ওলাই সিঁচৰতি হৈ পৰাৰ লগতে পথটোৰ দুয়োকাষে জংঘলে আৱৰি ধৰাত পথচাৰীসকল যাতায়াতৰ ক্ষেত্রত যথেষ্ট আহুকালৰ সন্মুখীন হ'ব লগা হৈছে। 

ইফালে পথটোৰ ঠায়ে ঠায়ে প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত এজাক বৰষুণতে মাছ পুহিব পৰা অৱস্থাৰ সৃষ্টি হয়। ইফালে পথছোৱাৰ অময়াপুৰ জলজীৱনৰ পানী যোগান কেন্দ্ৰৰ পৰা হাজো-নলবাৰী পথলৈ একেবাৰে পথটো জৰাজীৰ্ণ হৈ পৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিব লগা হৈছে। পথটোৰ অময়াপুৰত এটি ব্যক্তিগত পুখুৰীৰ পানীয়ে পথটোৰ কিছু অংশ খহাই নিয়াৰ উপক্রম হৈছে। তাত প্ৰতিৰোধী পকীবেৰ নিৰ্মাণ নহ'লে খহাই নিয়াটো নিশ্চিত হৈ পৰিছে। 

ইপিনে পথটোৰ অৰৰা খাটনিয়াতোলা চাৰিআলিৰ পৰা কুমাৰীকাটা হৈ ভদ্রা-বৰমূৰিকোণা লোকনির্মাণ সংযোগী পথলৈ এইছোৱা পথ আজিলৈ পকীকৰণ নোহোৱাত ৰাইজে চৰম দুর্ভোগৰ সন্মুখীন হৈছে। এই গড়কাপ্টানী পথটোৰে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে ছাত্র-ছাত্রীসকলে নানা আহুকালৰ মাজেৰে যাতায়াত অব্যাহত ৰাখিছে। বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে বিধ্বস্ত পথটোৰে বহু বছৰ যাতায়াত কৰি আহিছে যদিও এইক্ষেত্ৰত চৰকাৰ, সংশ্লিষ্ট বিভাগ, স্থানীয় বিধায়কৰ কোনো সদিচ্ছা নথকাত পথটোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা আজিলৈকে নহ'ল বুলি ক্ষোভ প্রকাশ কৰিছে।

Share This